চতিয়াত দুধৰ্ষ গৰু চোৰ আটক...

চতিয়াত দুধৰ্ষ গৰু চোৰ আটক...

author-image
Asomiya Pratidin
New Update
চতিয়াত দুধৰ্ষ গৰু চোৰ আটক...

ডিজিটেল সংবাদ, জামুগুৰিহাট: চতিয়াত দুধৰ্ষ আন্ত:ৰাজ্যিক চোৰক আটক কৰে আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বিলাসী গাড়ীৰ ভিতৰত গৰু ছাগলী চুৰি কৰি আৰক্ষী প্ৰশাসনৰ লগতে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰ এটাক বুধবাৰে নিশা চতিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

Advertisment

আটকাধীন চোৰটোৰ নাম ৰিমিচউদ্দিন আহমেদ ওৰফে বুটুকন বুলি জানিব পৰা গৈছে৷ দীৰ্ঘদিন ধৰি পলাই থকা কুখ্যাত চোৰটোক অৱশেষত চতিয়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চতিয়াৰ ঘাহি গাঁৱৰ নিজ বাসভৱনৰ পৰা আটক কৰে ৷

আৰক্ষীয়ে লগতে চোৰটোৱে ব্যৱহাৰ কৰা এ ,এচ- ১২ -এ, এফ- ৪২৩২ নম্বৰৰ এখন বিলাসী বাহনো জব্দ কৰে ৷ আৰক্ষীয়ে গাড়ীখনৰ ভিতৰৰ পৰা বহু আপত্তিজনক সা সামগ্ৰীও জব্দ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে কুখ্যাত চোৰটোক মাৰথান জেৰা চলাই জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷

Also Read: কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

jamugurihaat