/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8df9d577-6950-41fb-bed6-29f244ccf7eb/hajarika.jpg)
কৃতি শিক্ষক ধৰ্মেশ্বৰ হাজৰিকাৰ বিয়োগ
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঘিলামৰাৰ সমাজ হিতৈষী কৃতি শিক্ষক ধৰ্মেশ্বৰ হাজৰিকাৰ বিয়োগ। ঢকুৱাখনা মহকুমাৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ,সমাজ হিতৈষী তথা জিলা ভিত্তিক কৃতি শিক্ষকৰ সন্মানেৰে বিভূষিত ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাৰ বিয়োগৰ খবৰে মহকুমাটোত শোকৰ ছাঁ পেলাইছে।
ঘিলামৰাৰ ১ নং ঘিলামৰা গাঁও নিবাসী হাজৰিকাৰ যোৱা নিশা প্ৰায় ১১-০৮ বজাত স্ব গৃহত শেষ নিশ্বাস ত্যাগ কৰে । ১৯৬৮ চনত বৰদলনি হাইস্কুলৰ সহকাৰী শিক্ষক হিচাবে কৰ্ম জীৱনৰ পাতনি মেলা হাজৰিকাই ১৯৮৭ চনত ঘিলামৰা হাইস্কুললৈ (বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়) সহকাৰী শিক্ষক হিচাপে যোগদান কৰে ।পৰৱৰ্তী সময়ত ২০০০চনত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ পদত অধিষ্ঠিত হৈ ২০০২ চনত ভাৰপ্ৰাপ্ত অধ্যক্ষ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
এগৰাকী খুব সৰলমনা , সময়ানুৱৰ্তী,অধ্যয়নশীল শিক্ষক আৰু প্ৰশাসক হিচাবে অনুকৰণীয় সেৱা আগবঢ়াই যোৱা হাজৰিকাই ২০০২ চনৰ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। ২০০১চনত লখিমপুৰ জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক ,২০১৮ চনত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ বিশিষ্ট সমাজ কৰ্মীৰ বঁটা প্ৰাপক হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৮ বছৰ।
মৃত্যুৰ সময়ত হাজৰিকাই দুই পুত্ৰ এগৰাকী কন্যা আৰু অগণন ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি যোৱা প্ৰবীণ শিক্ষাবিদ গৰাকীৰ বিয়োগত ঢকুৱাখনা জিলা সূত সন্মিলনৰ সভাপতি গুণ হাজৰিকা, জ্যেষ্ঠ নাগৰিক সন্মিলন , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া , সম্পাদক সুনীল দত্ত, ঘিলামৰা প্ৰেছ ক্লাব , ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট ,পৰিচালনা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোকাহত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
আৰু পঢ়কঃ কাৰ্গিলৰ প্ৰথম ছহিদ পাৰ্বতীচৰণ দাসৰ বীৰত্বৰ কাহিনীয়ে গৌৰৱান্বিত কৰিব আপোনাক, পৰিয়ালৰ বিশেষ অনুৰোধ