কাৰ্গিলৰ প্ৰথম ছহিদ পাৰ্বতীচৰণ দাসৰ বীৰত্বৰ কাহিনীয়ে গৌৰৱান্বিত কৰিব আপোনাক, পৰিয়ালৰ বিশেষ অনুৰোধ

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ দুবছৰ পিছতে কাৰ্গিলত ছহিদ হোৱা প্ৰথম গৰাকী বীৰ জোৱানৰ স্মৃতি হয়তো এতিয়া সকলোৰে বাবে বিস্মৃতিৰ গৰ্ভত।
কাৰ্গিলৰ প্ৰথম ছহিদ পাৰ্বতীচৰণ দাসৰ বীৰত্বৰ কাহিনীয়ে গৌৰৱান্বিত কৰিব আপোনাক, পৰিয়ালৰ বিশেষ অনুৰোধ

ডিজিটেল সংবাদ, পাঠশালা: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ দুবছৰ পিছতে কাৰ্গিলত ছহিদ হোৱা প্ৰথম গৰাকী বীৰ জোৱানৰ স্মৃতি হয়তো এতিয়া সকলোৰে বাবে বিস্মৃতিৰ গৰ্ভত। ১৯৪৯ চনৰ ৬ অক্টোবৰ। এই দিনটোতে প্ৰায় ৭২ বছৰ আগৰ এক সংঘর্ষ পীড়িত সময়ত চিৰবৈৰীক পদানত কৰি দেশৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ অসীম সাহসিকতাৰে দেশৰ বাবে প্ৰাণ উচৰ্গা কৰি ছহিদ হৈছিল বীৰ প্রসবিনী অসম মাতৃৰ সন্তান পাৰ্বতীচৰণ দাস

ইতিহাসৰ পাতত ১৯৪৯ চনৰ ৬ অক্টোবৰৰ দিনটোৰ সেই স্মৃতি আজিও সজীৱ হৈ আছে। ভাৰতীয় সৈন্য বাহিনীৰ ৪/১১ নং গোর্খা ৰাইফলছ বেটেলিয়নৰ লেফটেনেন্ট আছিল পার্বতীচৰণ দাস। সিন্ধু নৈৰ পানীয়ে আঁকোৱালি লৈছিল এই বীৰ জোৱানৰ মৃতদেহ।

এই বীৰ অসম সন্তানৰ আত্মত্যাগৰ প্ৰতি সন্মান জনাই তদানীন্তন প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিজ হাতেৰে সমবেদনা পত্ৰ লিখি ১৯৫০ চনৰ ১৯ ছেপ্টেম্বৰত প্ৰেৰণ কৰিছিল পাৰ্বতীচৰণ দাসৰ পিতৃ পাঠশালা নিবাসী বলিৰাম দাসলৈ। গোর্খা ৰেজিমেণ্টৰ লেফটেনেণ্ট কর্ণেল এইচ পি যাদবেও পাৰ্বতীচৰণ দাসৰ আত্মত্যাগ আৰু বীৰত্বৰ বৰ্ণনাৰে তেওঁৰ আৰক্ষী পিতৃলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

কিন্তু তাৰ পিচত পাহৰণিৰ গৰ্ভত হেৰাই থাকিল বীৰ ছহিদ পাৰ্বতী চৰণ দাসৰ বীৰত্বৰ কাহিনী।কাশ্মীৰক কেন্দ্ৰ কৰি ভাৰত আৰু চিৰবৈৰী পাকিস্তানৰ মাজত চলি থকা তীব্র উত্তেজনা, ভয়াবহ সংঘর্ষৰে জৰ্জৰিত এক জ্বলামুখী সময় আছিল সেয়া। এই সময়ছোৱাৰ মাজতে ১৯৪৯ চনৰ ৬ অক্টোবৰত লগত দুজন সংকেত প্ৰেৰক (ছিগনেলাৰ) লৈ সিন্ধু নদীৰ সোঁপাৰত গৈ উপস্থিত হয় গোৰ্খা ৰেজিমেন্টৰ লেফটেনেন্ট পার্বতীচৰণ দাস।

উদ্দেশ্য কাৰ্গিল অঞ্চলৰ সিন্ধু নদীৰ বাওঁপাৰে থকা কুলিচাং গাঁৱত থকা সেনা বাহিনীৰ হেড কোৱাৰ্টাৰৰ সৈতে টেলিফোন সংযোগ স্থাপন কৰা। তাৰ আগদিনাই তেওঁ গৈ ঠাইডোখৰ ভালদৰে পৰ্যবেক্ষণ কৰি আহিছিল। ইতিমধ্যে দুর্গম পর্বত, সংকীর্ণ গিৰিপথ, কোবাল পৰ্বতীয়া নৈ, বিভিন্ন বিপদসংকুল পৰিবেশত নিষ্ঠা আৰু সাহসিকতাৰে কৰ্তব্য সমাপন কৰি সুনাম অৰ্জন কৰিছিল।

৬ অক্টোবৰৰ পুৱা লেফটেনেন্ট দাসে টেলিফোনৰ 'কেবল' (তাঁৰ) নৈখনৰ সিপাৰে দলিয়াবলৈ আপ্রাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। জৰুৰী কাম কৰিবই লাগিব, তাকো যথাসম্ভব শীঘ্ৰে কোন মুহূৰ্তত শত্রুসেনাই আক্রমণ কৰে একো ঠিকনা নাই। গতিকে নিজে সিন্ধু নৈৰ পানীত নামি পৰিল তেওঁ। পানীৰ সোঁতকো উপেক্ষা কৰি তেওঁ সিপাৰলৈ গৈ থাকিল। নৈখনৰ তিনি চতুর্থাংশ তেওঁ অতিক্ৰম কৰিলে যদিও তাৰ পিচত তেওঁ আৰু আগবাঢ়িব নোৱাৰিলে।

তাৰ পৰাই তেওঁ উভতি আহিব বিচাৰিলে। কিন্তু উভতি আহি নদীৰ মাজভাগ পাঁওতেই সিন্ধু নদীৰ সোঁতে পাৰ্বতী চৰণ দাসক তললৈ লৈ যাব ধৰিলে। তেওঁ সহায়ৰ বাবে চিঞৰিলে, কিন্তু কামত নাহিল। লগত থকা ছিগনেলাৰ দুজনে তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলে। ইয়াৰ পিচত তেওঁক বিচাৰি দুদিন ধৰি নদীৰ বিভিন্ন স্থানত সন্ধান চলোৱা হ'ল যদিও একো ফল পোৱা নগ'ল।

চিৰদিনৰ বাবে হেৰাই গ'ল বজালী জিলাৰ পাঠশালা নগৰৰ বীৰ সৈনিক পাৰ্বতীচৰণ দাস। কিন্তু দুর্ভাগ্যজনকভাবে এইদৰে অসমীয়া সৈনিকৰ স্মৃতি সম্পৰ্কীয় কোনোধৰণৰ তথা সংৰক্ষণৰ ব্যৱস্থা আজিলৈকে কোনো এখন চৰকাৰেই নকৰিলে।

১৯২৩ চনৰ ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা পাৰ্বতীৰণ দাসে ১৯৪০ চনত গুৱাহাটী কটন কলেজিয়েট হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ১৯৪২ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত ইণ্টাৰমিডিয়েট পৰীক্ষাতো উত্তীৰ্ণ হয়। ইয়াৰ পিচত ১৯৪৩ চনত বাংগালোৰৰ মিলিটেৰী অফিচাৰ্ছ ট্রেইনিং স্কুলত ভৰ্তি হৈ ট্ৰেইনিঙত উত্তীৰ্ণ হয় আৰু কলিকতাৰ পৰা বি এ পাছ কৰে।

ভাৰত স্বাধীন হোৱাৰ আগে আগে ১৯৪৬ চনত তেওঁ কলিকতাত মকৰল হোৱা সেনাবাহিনীৰ ৪/১১ গোর্খা ৰাইফলছ বেটেলিয়নত যোগদান কৰে। ১৯৪৮ চনত কাশ্মীৰ ৰক্ষাৰ হেতু গোর্খা ৰেজিমেণ্টৰ প্ৰয়োজন হোৱাত এই ৰেজিমেণ্টৰ ছিগনেল অফিচাৰ হৈ তেওঁ কাশ্মীৰত উপস্থিত হয়। তাৰ পিচত বীৰৰ দৰে মৃত্যুবৰণ কৰে তেওঁ।

২৬ বছৰ বায়সতে দেশৰ হকে প্রাণাহুতি দিয়া এই ৰীৰ সৈনিকৰ স্মৃতি যেন এতিয়া পাহৰণিৰ গৰ্ভত। তেওঁৰ পাঠশালাৰ ঘৰত থকা ভাগিন বোৱাৰী দিপালী দাসে এই বীজনাৰ সকলো তথ্য, জৱাহৰলাল নেহৰুৰ পৰা লাভ কৰা শোক বাৰ্তা আদি বুকুত সাবটি এটা পৰম আশা লৈ জীয়াহি আছে। এই আশা— মৰণোত্তৰভাৱে পাৰ্বতীচৰণ দাসক পৰম বীৰ চক্ৰ প্ৰদানেৰে ৰাষ্ট্ৰীয় সন্মান দিয়াৰ আশা।

পাৰ্বতী চৰণ দাসৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ আশা। তেওঁৰ এই আশা পূৰণ হ'বনে? এয়া এক গুৰুত্বপূর্ণ প্রশ্ন। জানিব পৰা মতে গোৰ্খা ৰেজিমেন্টে পাৰ্বতী চৰণ দাসৰ সোঁৱৰণত প্ৰতি বছৰে ফুটবল খেল অনুস্থিত কৰি অহাৰ উপৰি শেহতীয়া ভাবে পাৰ্বতী চৰণ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে পাঠশালাত ভূমিৰ সন্ধান কৰি আছে। আনহাতে পাঠশালা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ধৃতিৰাজ তালুকদাৰে পাৰ্বতী চৰণ দাসৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ বাবে আজি পাৰ্বতী চৰণ দাসৰ পাঠশালাৰ পৰিয়ালটোৰ গৃহত উপস্থিত হৈ ৰাজ্য চৰকাৰক পাঠশালাত পাৰ্বতী চৰণ দাসৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সেই প্ৰতিমূৰ্তি ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বক নিজে উন্মোচন কৰাৰ বাবে আহবান জনায়।

লক্ষনীয় ভাৱে শ্ৰদ্ধা পাঠশালাই শেহতীয়া ভাৱে কাৰগিলৰ প্ৰথম ছহিদ পাৰ্বতী চৰণ দাসৰ স্মৃতি বিস্মিত নায়কৰ জীৱনৰ দীঘ বাণি শীৰ্ষক গ্ৰন্থ এখন প্ৰকাশ কৰি উলিয়াইছে।

আৰু পঢ়ক: নগাঁৱত মাৰণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ: পাঁচজনক গ্ৰেপ্তাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in