অসম সমবায় মৰাপাট কলৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ সংগ্ৰহকাৰীক ভাবুকি...

অসম সমবায় মৰাপাট কলৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ সংগ্ৰহকাৰীক ভাবুকি...
অসম সমবায় মৰাপাট কলৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ সংগ্ৰহকাৰীক ভাবুকি...

ডিজিটেল সংবাদ কলিয়াবৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সমবায় খণ্ডৰ এসময়ৰ লাভজনক মৰাপাট উদ্যোগ কলিয়াবৰ মহকুমাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ সম্প্ৰতি শোচনীয় পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক ৷ সুদীৰ্ঘ দিন ধৰি লোকচানৰ সন্মুখীন হৈ অহা উদ্যোগটো টনকিয়াল কৰাৰ প্ৰচেষ্টাত মনোনিবেশ কৰাৰ বিপৰীতে কুটিল ৰাজনীতি, ক্ষমতা প্ৰাপ্তিৰ অভিসন্ধি,মাফিয়াৰাজ,হিটলাৰী শাসন,লুন্ঠনৰাজত হাত উজান দিয়া পৰিচালনা মণ্ডলীৰ একাংশ বিষয়ববীয়াৰ মাতব্বৰীৰাজত ত্ৰাহি মধুসুদন সোঁৱৰিছে উদ্যোগটোৰ একাংশ কৰ্মচাৰীৰ লগতে অংশীদাৰসকলে ৷

অদক্ষ পৰিচালনা, অপৰিপক্ব আৰু অদূৰদৰ্শী সিদ্ধান্ত,বজাৰ সম্পৰ্কত কোনো ধৰনৰ দক্ষতা নথকা পৰিচালনৰ মণ্ডলীৰ একাংশ বিষয়-ববীয়াৰ একনায়কত্ববাদৰ ফলতে উদ্যোগটো ধাৰাবাহিক ভাৱে লোকচানৰ সন্মুখীন হৈ বৰ্তমান শ্মাশানমুখী যাত্ৰা আৰম্ভ কৰিছে ৷ এনে জটিল সন্ধিক্ষনৰ মাজতে অহা ত্ৰিশ নৱেম্বৰত অনুষ্ঠিত হ'ব কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ সাধাৰণ সভা ।

এই সভাতেই নিৰ্বাচন কৰা হ'ব আগন্তুক পাঁচ বছৰৰ বাবে অসম সমবায় মৰাপাট কলৰ নতুন পৰিচালনা মণ্ডলিখন। অহা ১৯ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন। অন্যান্য সকলৰ লগতে বৃহস্পতিবাৰে জিলাখনৰ ভিন্ন ঠাইৰ ৪ গৰাকী অংশীদাৰেও নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে গ্ৰহণ কৰিছিল মনোনয়ন পত্ৰ ।

উদ্যোগটোৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ লৈ এ এছ ১২ আৰ ২৭২৮ নম্বৰৰ চাৰিচকীয়া বাহনৰে উভতি অহাৰ সময়ত কলটিৰ নাতি দূৰত এচাম লোকে গাড়ীখন আগভেটা দি ৰখাবলৈ বাধ্য কৰে । গাড়ী আগভেটা দিয়া লোক সকলে মনোনয়ন পত্ৰ লৈ অহা দুগৰাকী মহিলাসহ ৪ অংশীদাৰক অপদস্থ কৰাৰ লগতে মনোনয়ন পত্ৰ দাখিল নকৰিবলৈ ভয় ভাবুকি প্ৰদান কৰে ।

দলটোৱে পৰিচালনা সমিতিৰ বৰ্তমানৰ উপ-সভাপতি পলাশ বৰাৰ হৈ উকালতি কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সকিয়নিও প্ৰদান কৰে । খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই আঁতৰি যায় দুষ্কৃতিকাৰী দলটো ।

এই সম্পৰ্কত শিলঘাট আৰক্ষী চকীত এক লিখিত অভিযোগ দাখিল কৰি ৰহাৰ বিৰিঞ্চি কুমাৰ ভূঞা আৰু উৰ্মিলা দাস, নগাঁৱৰ জোনমনি দত্ত আৰু কলিয়াবৰৰ গজেন্দ্ৰ নাথ শৰ্মাই পৰিচালনা মণ্ডলীৰ উপ-সভাপতি পলাশ বৰাৰ এনে নিকৃষ্ট চক্ৰান্তক একে মুখে গৰিহনা দি মাফিয়াৰাজ পৰিহাৰ কৰি গনতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আহ্বান জনায়। অহা ১৯ নৱেম্বৰত মনোনয়ন দাখিল কৰাৰ সময়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ভুক্তভোগী ৪ অংশীদাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in