ধেমাজি জিলা ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশন আৰম্ভ...

২৩ খন আঞ্চলিক সমিতিৰ সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত উখল-মাখল ধেমাজি চহৰ
ধেমাজি জিলা ছাত্র সন্থা পতাকা উত্তোলনৰ মুহুৰ্তত
ধেমাজি জিলা ছাত্র সন্থা পতাকা উত্তোলনৰ মুহুৰ্তত

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশন শুকুবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজি মহাবিদ্যালয় প্ৰাংগনত আৰম্ভ হৈছে ৷ ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ আতিথ‍্যত ধেমাজি মহকুমা ছাত্র সন্থা আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত আৰম্ভ হোৱা ছাত্ৰ সন্থাৰ জিলা অধিবেশনৰ শুকুবাৰে পুৱা ৮ বজাত পৰিবেশ নিকাকৰণেৰে আৰম্ভ কৰে মহীয়সী স্বেচ্ছাসেৱী নাৰী সমাজে ৷

মূল আদৰণি তোৰণ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰুণ কুমাৰ দিহিঙীয়াই ৷ অতিথিশালা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জয় দত্তই ৷ ইয়াৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মাই ৷

অসম উন্নতি সভাৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা সমিতিৰ সভাপতি জিতু বৰাই। অসম সেনাৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা সমিতিৰ সংগঠক ডিম্বেশ্বৰ গগৈয়ে ৷ ইয়াৰ পাছতে ছহীদ তৰ্পণ মুকলি কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক কল্যাণ গগৈয়ে ৷ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ড° দীপক কুমাৰ নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈয়ে ৷দিনৰ ১১:০০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰে । দিনৰ ১২:০০ বজাত "ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু আমাৰ ভবিষ্যত" শীৰ্ষক আলোচনা চক্ৰৰ উদ্বোধন কৰে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰাধ্যাপক ড° শৰৎ কাকতিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন জয়ন্ত ডেকা, ডিব্ৰুগড়ৰ অনিৰূদ্ধদেৱ ক্ৰীয়া বিশ্ববিদ্যালয়ৰ প্ৰবক্তা মৃদুস্মিতা ফুকনে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ আবেলি ২-০০ বজাত "মাতৃভাষাৰ মাধ্যমৰ ক্ষেত্ৰত অসম চৰকাৰৰ অদূৰদৰ্শী নীতি বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীৰ সামগ্ৰীক বৌদ্ধিক উত্তৰণৰ প্ৰধান অন্তৰায়" শীৰ্ষক অসম ভিত্তিত আন্তঃশিক্ষানুষ্ঠানৰ তৰ্ক প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰথম স্থান আৰু মেঘালয়ৰ ইউ এছ টি এম বিশ্ববিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৷

আনহাতে সন্ধিয়া ৫-০০ বজাৰ পৰা প্ৰতিনিধি শিবিৰ উদ্বোধন কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা বিজু দাসে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন মুকলি কৰে ছহীদ সুৰেন বৰুৱাৰ পত্নী তৰুলতা বৰুৱাই ৷

ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশন আৰম্ভ
ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশন আৰম্ভ

আয়োজক সমিতিয়ে সংবাদ মাধ্যমক জানোৱা অনুসৰি সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° শংকৰ পাটোৱাৰীয়ে । আনহাতে কাইলৈ অন্তিম দিনা পুৱা ১১ বজাৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব ৷ আবেলি ৩ বজাত দীপক শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব লোক সাংস্কৃতিকৰ সাধক বিমলা গগৈ গোঁহাইয়ে ৷ অসমৰ বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই অংশগ্ৰহণ কৰিব লগীয়া উক্ত মুকলি সভাতেই স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াই ৷ মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব ৷ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিশেষ সন্মানীয় অতিথি আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ শীৰ্ষ নেতৃত্ব আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰিব বুলি আজিৰ সংবাদ মেলত জানিবলৈ দিয়ে ৷

স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি অৰ্পণ
স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি অৰ্পণ

মুকলি সভাৰ পাছতে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান আৰু নিশা ৯ বজাৰপৰা প্ৰতিনিধি তথা বিষয়-বাচনি সভা অনুষ্ঠিত কৰিব ৷ উল্লেখ্য যে, আজিৰ সংবাদমেলতে ছাত্ৰ সংগঠনটোৰ সংগ্ৰামী যাত্ৰাত সহযোগিতা আগবঢ়োৱা ধেমাজি প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক প্ৰশংসা পত্ৰৰে কৃতজ্ঞতা জনায় ৷ অধিৱেশনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে অভ‍্যৰ্থনা সমিতিৰ সভাপতি ড° দীপক নেওগ আৰু সম্পাদক জয়ন্ত বৰগোঁহায়ে ৷

আৰু পঢ়কঃ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় লাভলিনা বৰগোঁহাইৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in