Advertisment

শ্ৰীশ্ৰী কাথবাপু সত্ৰত ধেমাজি জিলা সত্ৰ মহাসভাৰ সাধাৰণ সভা আৰু সংবাদমেল

বিসম্বাদী আন এজন সদস্য অকাজানস্থিত শ্ৰী শ্ৰী মৈৰামৰা সত্ৰৰ সত্ৰাধিকাৰ ভূৱন মহন্তক ১৫ দিনৰ সময় দি এক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

author-image
Asomiya Pratidin
New Update
ৱম

ডিজিটেল সংবাদ,চিচিবৰগাঁও:  ধেমাজি জিলাৰ চিচিবৰগাঁওস্থিত শ্ৰীশ্ৰী কাথবাপুসত্ৰত ধেমাজি জিলা সত্ৰ মহাসভাৰ এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। বৰদলনিৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ পৰিচালক তথা ধেমাজি জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনত জিলা সত্ৰ মহাসভাখনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় ।

Advertisment

কিছুদিন পূৰ্বে নতুনকৈ গঠিন হোৱা ধেমাজি জিলা সত্ৰ মহাসভাৰ সমিতিখনৰ সভাপতিৰ দায়িত্বত থকা শ্ৰীশ্ৰী বট্টৰগঞা সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱা আৰু সমান্তৰালভাৱে ধেমাজি জিলাৰ সত্ৰ মহাসভাৰ কেইজনমান সদস্যই সত্ৰ মহাসভাৰ বিসম্বদী আন এটা সংগঠনক সহযোগিতা কৰাৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আজিৰ সভাখন অনুষ্ঠিত হয়।

সভাত জিলা খনৰ প্ৰায় ২০ খন সত্ৰৰ ক্ৰমে সত্ৰাধিকাৰ, পৰিচালক, ডেকা সত্ৰীয়া, ভকত, বৈষ্ণৱৰ সকলৰ উপস্থিতিত সৰ্ব সন্মতি ক্ৰমে বৰ্তমানৰ জিলা সত্ৰ মহাসভাৰ সভাপতি বনমালী গোস্বামীৰ বিৰূদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সংগঠন বিৰোধী কাৰ্যকলাপৰ বাবে জিলা সত্ৰ মহাসভাৰ সভাপতি বনমালী গোস্বামী, প্ৰাক্তন সভাপতি তথা শ্ৰী শ্ৰী চেকেৰাতলী সত্ৰৰ সত্ৰাধিকাৰ যদুমনি গোস্বামীক জিলা সত্ৰ মহাসভা সমিতিৰ পৰা বহিষ্কাৰ কৰা হয় ।

বিসম্বাদী আন এজন সদস্য অকাজানস্থিত শ্ৰী শ্ৰী মৈৰামৰা সত্ৰৰ সত্ৰাধিকাৰ ভূৱন মহন্তক ১৫ দিনৰ সময় দি এক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। যদি নিৰ্দিষ্ট সময়ত উপযুক্ত কাৰণ দৰ্শাব নোৱাৰে তেন্তে পৰবৰ্তী সময়ত তেখেতৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সভাত আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় বুলি আজি এক সংবাদ মেল আয়োজন কৰি ধেমাজি জিলা সত্ৰ মহাসভাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়াৰ লগতে আজিৰ সভাই বৰদলনিৰ শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ পৰিচালক ডিম্বেশ্বৰ গোস্বামীক নতুন সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰাৰ লগতে মিত্ৰদেৱ মহন্তক কাৰ্যকৰী সভাপতি আৰু কৰুনা গোস্বামীক উপ-সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পন কৰে।

চিচিবৰগাঁও