/asomiyapratidin/media/media_files/2025/03/19/QQ090WPgUBf2nRdEeq4W.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত ধেমাজি জিলা ছাত্ৰ সন্থা, ধেমাজি জিলা উন্নতি সভা আৰু অসম সেনা ধেমাজি জিলা সমিতিৰ উদ্যোগত মঙলবাৰে ড্ৰাগছ বিৰোধী সজাগতা সমদল কাৰ্য্যসূচী অনুষ্ঠিত কৰে ৷ বিয়লি ১২.৩০ বজাত ধেমাজি নগৰৰ থানা তিনি আলিৰ সমীপৰ শ্বহীদ উদ্যান পৰা সমদল উলিওৱা পূৰ্বে এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷
জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকে আঁত ধৰা সজাগতা সভাত ধেমাজি চিটি কলেজৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, ধেমাজি মহিলা সমিতিৰ বিষয়ববীয়াদ্বয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক বিষ্ণু শৰ্মা , সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মাৰ প্ৰমুখ্যে বহুকেই গৰাকীয়ে ভয়াৱহতা ড্ৰাগছৰ পৰা সমাজত হৈ থকা দূৰ্দশাগ্ৰস্ত সমস্যা সমূহৰ সম্পৰ্কে বিৱৰি বক্তব্য ৰাখে ৷
বিশেষভাৱে উপস্থিত থকা ধেমাজি মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱা আৰু কাৰ্য্যকৰী সভানেত্ৰী কৰবী দেউৰীয়ে বিগত ২০১৬ চনৰ পৰাই ধেমাজি জিলাখনৰ মহিলা সকলক একত্ৰিত কৰি ধেমাজিত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দি অহা কথা উল্লেখ কৰে ৷
ড্ৰাগছ সেৱন কৰা পৰিয়ালবোৰৰ মাজত সংঘটিত হোৱা সমস্যা সমূহ বৰ্ণনা কৰিব নোৱাৰি অতি দুখ লগা বুলি উল্লেখ কৰি জিলা ছাত্ৰ সন্থাই এই ড্ৰাগছৰ বিৰুদ্ধে লোৱা সজাগতা সমদল কাৰ্য্যসূচীক মহিলা সমিতিয়ে আদৰণি জনায়। লগতে ড্ৰাগছৰ পৰা নৱপ্ৰজন্মক ৰক্ষা কৰাটো আমাৰ সকলোৱে দায়িত্ব বুলিও উল্লেখ কৰে ।
জিলা মহিলা সমিতিয়ে ধেমাজিত পুৰুষ ,মহিলা ,কম বয়সীয়া ল'ৰা-ছোৱালী লগতে বহু ৰিক্সা চালকেও সেৱন কৰা আৰু ব্যৱসায়ীৰ সৈতে জড়িত হৈ আছে বুলিও গুৰুতৰ অভিযোগ কৰি ড্ৰাগছ মুক্ত ধেমাজি গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায় ৷
জিলা ছাত্ৰ সন্থা, জিলা উন্নতি সভা, জিলা অসম সেনা, ধেমাজি মহিলা সমিতি, ধেমাজি চিটি কলেজ, মৰিধল কলেজ, ধেমাজি বাণিজ্য মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, প্লাৱিক একাডেমী চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়, ধেমাজি এচ এফ এচ স্কুল,নলনীপাম পুথিভঁৰাল ও যুৱ সংঘ,নগাখীয়া যুৱ সংঘ, ধেমাজি স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু ধেমাজি ব্যৱসায় সন্থাকে ধৰি এক সহস্ৰাধিক প্ৰতিবাদীকাৰীয়ে ভদ্ৰপৰা, বৰুৱাচুক হৈ পুনৰ শ্বহীদ উদ্যানত সজাগতা সমদল সামৰণি মাৰে ৷