২৪ঘন্টাত একেঘৰৰ দুজনৰ মৃত্যুঃ ধেমাজিত শোকৰ ছাঁ...

২৪ঘন্টাত একেঘৰৰ দুজনৰ মৃত্যুঃ ধেমাজিত শোকৰ ছাঁ...

author-image
Asomiya Pratidin
New Update
২৪ঘন্টাত একেঘৰৰ দুজনৰ মৃত্যুঃ ধেমাজিত  শোকৰ ছাঁ...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ বকল গাওঁত আজি একে দিনাই  একে ঘৰতে দুই গৰাকীও লোক মৃত্যু হোৱা ঘটনাই ধেমাজিত গভীৰ শোকৰ ছাঁ পেলাইছে৷

Advertisment

জানিব পৰা মতে, ধেমাজি বকল গাওঁৰ নিবাসী তথা দুসুঁতিমুখ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অবিবাহিত ৰঞ্জু বৰগোহাঁই (৭১) বয়সত সোমবাৰে পুৱা ১১ বজাত মৃত্যু হোৱা ৮ ঘন্টা পাৰ নৌহওঁতেই তেওঁৰে  ভতিজাক শশাংক বৰগোহাঁই(৩৩)বয়সত সন্ধিয়া ৮.৩০ বজাত হঠাতে মৃত্যুক আকোঁৱালি লয় ৷ 

পেহীয়েকৰ চিতা জ্বলি শেষ নহওঁতেই আকৌ ভতিজাকৰ শৱদেহ চিতাত তুলি ল'বলগীয়া হোৱা হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে, এই দুই গৰাকী মৃত ব্যক্তি হৈছে ধেমাজি সাহিত্য সভাৰ এসময়ৰ শক্তিশালী সম্পাদক তথা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কন্ঠি বৰগোহাঁইৰ ভনীয়েক আৰু ভতিজাক হয় ৷

Also Read: মই আছো আপোনালোকৰ সৈতেঃ মণিপুৰলৈ আহি বহুকেইটা প্ৰতিশ্ৰুতি দি গ'ল ৰাহুল গান্ধীয়ে...

ধেমাজি