/asomiyapratidin/media/media_files/2025/06/03/dCn1MuvbaFAAUkQME2RV.jpg)
ডিজিটেল সংবাদ,ধেমাজি: দেওবাৰে নিশা আৰক্ষীত জালত পৰা ধেমাজি নিউ দাস জুৱেলাৰ্চৰ স্বত্বাধিকাৰী দীপাংকৰ দাসক আজি ধেমাজি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ৷ আৰক্ষীয়ে আদালতক অভিযুক্তক অধিক সোধপোছৰ বাবে সময় বিচৰাত আদালতে দীপাংকৰক ৩ দিনৰ বাবে ধেমাজি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷
প্ৰৱঞ্চক দীপাংকৰ দাসে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দোকানত তদন্ত চলাই দোকানৰ পৰা খাৰু,চেইন, কেৰুমনিকে ধৰি প্ৰায় ২০ লাখ টকাৰ সোণৰ আ-অলংকাৰ জব্দ কৰে ৷ উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া আৰু জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াৰ অভিযোগ অনুসৰি ধেমাজিত ৩৪ খন জুৱেলাৰী দোকানতেই অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে।
হ'লমাৰ্ক দিয়া নামত একাংশ ব্যৱসায়ীয়ে ৰাইজক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। সেয়ে জিলা প্ৰশাসনক এই ঘটনা সন্দৰ্ভত বিশেষভাৱে তদন্ত কৰিবলৈ জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰিছে সংগঠনটোৱে।