/asomiyapratidin/media/media_files/2025/04/12/n8XnMfrrWSedu8PMj4HZ.jpg)
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজিৰ বিভিন্ন বিদ্যালয়ত কালি ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল সন্তোষজনক বুলি জানিব পৰা গৈছে ৷ ধেমাজি নগৰস্থিত এখনি অগ্রণী শিক্ষানুষ্ঠান কিৰণ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে কালি ঘোষিত হোৱা ২০২৫ বর্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ বাৰ শ্রেষ্ঠত্ব প্রদর্শন কৰিবলৈ সমর্থ হয় ।
এইবাৰৰ ফলফলত বিদ্যালয়ৰ পৰা মুঠ ৫০ গৰাকী ছাত্র-ছাত্রী অৱর্তীর্ণ হৈছিল। সর্বাধিক এশ শতাংশ ছাত্র-ছাত্রী উত্তীর্ণ হোৱাৰ লগতে ৫ গৰাকী ছাত্র-ছাত্রীয়ে ডিষ্টিংচন, ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্রথম বিভাগত আৰু ছয় গৰাকী ছাত্র-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীর্ণ হবলৈ সক্ষম হয়।
এইবাৰৰ ফলাফলত শ্রীমান দেবাংগন সোনোৱােলে উচ্চ গণিতত সর্ব্বোচ্চ ১০০ নম্বৰসহ ৯৩ শতাংশ, মানৱ প্রতিম কোঁচে ৯১ শতাংশ, দক্ষজিতা সোনোৱালে ৮৯ শতাংশ, ৰাজলক্ষ্মী বৰুৱা আৰু ৰেচিম বৰগোহাঁইয়ে ৮৫ শতাংশ নম্বৰেৰে একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনে।
এইবাৰৰ ফলাফলত ইংৰাজীত ২৩ গৰাকীয়ে, বিজ্ঞানত ৩৯ গৰাকীয়ে, সমাজ বিজ্ঞানত ২৯ গৰাকীয়ে, ভূগোলত ১৩ গৰাকীয়ে গণিতত ১৩ গৰাকীয়ে, অসমীয়াত ৮ গৰাকীয়ে, বুৰঞ্জী বিষয়ত ২ গৰকীয়ে আৰু উচ্চ গণিতত ৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে।
একাডেমীৰ এনে সন্তোষজনক ফলাফলত একাডেমীৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্রী, অভিভাৱক তথা স্থানীয় ৰাইজ ছাত্র-ছাত্রী সকলোৱে উৎফুল্লিত হৈ পৰে। ভৱিষ্যতৰ দিনত আৰু অধিক সফলতা প্রাপ্তিৰ বাবে কাম কৰি যাব বুলি একাডেমীৰ পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়ত্রী সকলে অংগীকাৰবদ্ধ হয় ৷
ধেমাজিৰ জাতীয় বিদ্যালয়ৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত ১৫ গৰাকী ছাত্ৰছাত্ৰী অৱতীৰ্ণ হৈ ইয়াৰ আটাইকেইগৰাকী উৰ্ত্তীণ হয় ৷ তাৰ ভিতৰত ১০ গৰাকীয়ে প্ৰথম বিভাগত, ৫ গৰাকীৰ দ্বিতীয় বিভাজন উৰ্ত্তীণ হয় ৷ আনহাতে ধেমাজিৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এছ এফ এছ স্কুলৰ পৰা এইবাৰ মেটিক পৰীক্ষাত ১২৩ পৰীক্ষাথী অৱতীৰ্ণ হৈছিল ৷ তাৰে ১২২ গৰাকীয়ে প্ৰথম বিভাগত, ১ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হয় ৷
ইয়াৰ ২৭ গৰাকীয়ে ডিষ্টিংচন লাভ কৰাৰ বিপৰীতে ১১৮ গৰাকী ছাত্ৰছাত্ৰীয়ে বিভিন্ন বিভাগত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে ৷ইয়াৰে ইংৰাজী বিষয়ত ৭০ গৰাকীয়ে, সাধাৰণ গণিতত ৬০ গৰাকীয়ে , সাধাৰণ বিজ্ঞানত ৯১ গৰাকীয়ে , সমাজ বিজ্ঞানত ৫৬ গৰাকীয়ে , অসমীয়া বিষয়ত ১২ গৰাকীয়ে , হিন্দী বিষয়ত ৮ গৰাকীয়ে , উচ্চ গণিতত ২৩ গৰাকীয়ে , আৰু কম্পিউটাৰ বিজ্ঞানত ৭৮ গৰাকীয়ে লেটাৰ পাবলৈ সক্ষম হৈছে ৷
ইফালে শংকৰদেৱ বিদ্যা নিকেতন ধেমাজিত অৱৰ্তীণ হোৱা ৪৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ৪০ গৰাকীয়ে, দ্বিতীয় বিভাগত ৭ গৰাকীয়ে. তৃতীয় বিভাগত মাত্ৰ এগৰাকীৰ সৈতে ইয়াৰে ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু এগৰাকীয়ে ডিষ্টিংচন পাবলৈ সক্ষম হয় ।