Advertisment

সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰছ গেমছত ধেমাজিৰ ৬ খেলুৱৈৰ পদক লাভ

অসম দলৰ হৈ অংশগ্ৰহণ কৰা ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ খেলুৱৈ ক্ৰমে নিতিশ নন্দীয়ে সোণৰ,ৰঞ্জন চুতীয়া ৰূপৰ,নৱনীতা বৰা ৰূপৰ, ডিম্পী গোহাঁই ৰূপৰ ,পল্লবী শইকীয়াই ৰূপৰ পদক লাভ কৰা লগতে বিপুল গগৈয়ে শীৰ্ষ ৫ ত থাকিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dg

ডিজিটেল সংবাদ,ধেমাজিঃ ৬ ৰ পৰা ৯ মাৰ্চলৈকে চাৰিদিনীয়াকৈ মাষ্টাৰছ গেমছ ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত উৰিষ্যাৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰছ গেমছ অনুষ্ঠিত হয়। উক্ত খেলত অসম দলৰ হৈ অংশগ্ৰহণ কৰা ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ খেলুৱৈ ক্ৰমে নিতিশ নন্দীয়ে সোণৰ,ৰঞ্জন চুতীয়া ৰূপৰ,নৱনীতা বৰা ৰূপৰ, ডিম্পী গোহাঁই ৰূপৰ ,পল্লবী শইকীয়াই ৰূপৰ পদক লাভ কৰা লগতে বিপুল গগৈয়ে শীৰ্ষ ৫ ত থাকিবলৈ সক্ষম হৈছে ৷ দলটিত ধেমাজি জিলা যোগাসন ক্ৰীয়া সন্থাৰ সাধাৰণ সম্পাদক পুলেন দাস আৰু সন্থাৰ কাৰিকৰী সম্পাদক নৱজ্যোতি সোনোৱালে নেতৃত্ব বহন কৰিছে ৷

ধেমাজি