গোগামুখত প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা

গোগামুখত প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ভাদমহীয়া নামৰ মাহ-প্ৰসাদ ভক্ষণ কৰি দেওবাৰে ধেমাজি জিলাৰ গোগামুখৰ চুতীয়াকাৰী গাঁৱত সংঘটিত হৈছিল খাদ্যত বিষক্ৰিয়াৰ ঘটনা। পৰম্পৰাগতভাৱে গাঁৱখনৰ হৰিমন্দিৰত অনুষ্ঠিত কৰা ৰাজহুৱা পালনামৰ প্ৰসাদ খাই গোগামুখ বৰদৈ চুতীয়াকাৰী গাঁৱৰ শিশুসহ প্ৰায় ২ শতাধিক লোক আক্ৰান্ত হৈছিল জ্বৰ ,বমি , শৌচৰ লগতে মূৰৰ কামোৰণি ৰোগত।

গাঁৱখনৰ গৰিষ্ঠসংখ্যক লোক আক্ৰান্ত হোৱা এই বিষক্ৰিয়াই সমগ্ৰ অঞ্চল চানি ধৰাত হৰিমন্দিৰত সামূহিকভাৱে  আক্ৰান্তসকলৰ প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰিছিল গোগামুখ গ্ৰাম্য চিকিৎসালয় আৰু ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে। চিকিৎসকৰ নিৰন্তৰ চেষ্টাৰ পাছতো নিয়ন্ত্ৰণ নোহোৱাৰ পাছত গোগামুখ গ্ৰাম্য চিকিৎসালয়লৈ বহু সংখ্যক আক্ৰান্তক প্ৰেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছিল ।

আক্ৰান্তৰ ক্ৰমবর্ধিত সংখ্যাৰ বাবে চিকিৎসালয়ত সৃষ্টি হৈছিল অনাকাংক্ষিত পৰিৱেশৰ। ৰোগীক ৰাখিবলৈ ঠাই নোহোৱা পৰিস্থিতিৰ উদ্ভৱ হৈছিল চিকিৎসালয়ত। বহু সংখ্যক ৰোগীক নিশাই জৰুৰী আৰু উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

এই ক্ষেত্ৰত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিনে নিশাই কষ্ট কৰি বিশেষ এম্বুলেন্স সেৱা প্ৰয়োগেৰে আক্ৰান্তসকলৰ প্ৰতি মানৱ সেৱা আগবঢ়াই আৰু সংক্ৰমণ ৰোধৰ প্ৰচেষ্টাত ব্যস্ত হয়। এনে সময়তে আক্ৰান্তসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ মঙলবাৰে গোগামুখ গ্ৰাম্য চিকিৎসালয়ত উপস্থিত হয় ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালী আৰু স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক।

আয়ুক্ত ভঁৰালীয়ে চিকিৎসাৰ ক্ৰুটি নকৰাকৈ সকলো আক্ৰান্তক উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । ইতিমধ্যে ৮৩ গৰাকী চিকিৎসাধীন হৈ থকা আৰু লখিমপুৰ আৰু গোগামুখৰ চিকিৎসালয়ত মুঠ ৭০ গৰাকী চিকিৎসাধীন হৈ থকা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক । তাৰোপৰি  বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰনাধীন বুলিও জানিবলৈ দিয়ে ।

আয়ুক্তগৰাকীয়ে এই ঘটনা সন্দৰ্ভত স্বাস্থ্য বিভাগৰ জৰিয়তে এক তদন্ত কৰা বুলি কৈ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা , জনস্বাস্থ্য কাৰিকৰী বিভাগ , খাদ্য সুৰক্ষা বিভাগৰ সহযোগিতাত তদন্ত আৰম্ভ হোৱা বুলি মন্তব্য কৰে। লগতে ভক্তৰ ভাষ্যৰ ভিত্তিত বিভিন্ন  ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বুট মগুৰ নমুনা সংগ্ৰহ কৰা বুলি জনায় ।

এইক্ষেত্ৰত ৰাইজৰ সজাগতা কামনা কৰি মাহ প্ৰসাদ গ্ৰহণৰ সময়ত সতৰ্কতা অৱলম্বনৰ আহ্বান জনাই জিলা আয়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে । জিলা আয়ুক্তগৰাকীক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক  গোগামুখ গ্ৰাম্য চিকিৎসালয়ৰ কেইবাটাও দীৰ্ঘদিনীয়া  অভাৱ সমস্যাৰ তাৎক্ষণিক পূৰণৰ আহ্বান জনায়।

গোগামুখত প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা
ৰাইজে চাই আছে- সাংবাদিকে কি কৰিছে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in