সাংবাদিকৰ বিৰুদ্ধে অভিযোগ বহুত। ডিব্ৰুগড়ত ঘটিল তেনে এক ঘটনা। সেই ঘটনাকলৈ ব্যাপক চৰ্চা। কি কৰিলে নো সাংবাদিকে ডিব্ৰুগড়ত ? আমাৰ এই বিশেষ প্ৰতিবেদন-
সেইদিনা মহা ধুমধামেৰে ডিব্ৰুগড়ত আয়োজিত হৈছিল এক অনুষ্ঠান। ডিব্ৰুগড়ত নিৰ্মাণ কৰা অনুষ্ঠানটোত উপস্থিত আছিল স্বয়ং মুখ্যমন্ত্ৰী। ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল ডিব্ৰুগড়ত নিৰ্মাণ কৰা মুখ্যমন্ত্ৰী সচিবালয়। ৬ ছেপ্তেম্বৰ ২০২৪ত এই অনুষ্ঠানত বাতৰি সংগ্ৰহৰ বাবে আহিছিল বহু সাংবাদিক।
অনুষ্ঠানৰ অন্তত সাংবাদিকসকলক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসে প্ৰদান কৰিছিল ১০হাজাৰ টকা। কিয়নো অনুষ্ঠানটোৰ আয়োজকসকলে সাংবাদিকৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা নাছিল। ডিব্ৰুগড়ত সাংবাদিকসকলৰ দুটা সংগঠন আছে। এটা হ’ল- গ্ৰেটাৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ আৰু আনটো হ’ল ডিব্ৰুগড় প্ৰেছ ক্লাৱ।
সাংবাদিকসকলক খবৰ দিয়া হৈছিল দুপৰীয়াৰ আহাৰ খাবলৈ এখন ধাবালৈ আহিবলৈ। ডিব্ৰুগড়ৰ আমোলাপট্টি বুল মোহৰ নামৰ ধাবাখনত যথেষ্ট সংখ্যক সাংবাদিক গোট খালে। প্ৰায়ভাগ সাংবাদিকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ৩/৩-৩০ বজাত উভতি গ’ল।
৪জন সাংবাদিক তাতেই ৰৈ গ’ল। তেঁওলোকে হাতত তুলি ল’লে সুৰাৰ গিলাচ। নিশা ৮-৩০ বাজিল তেঁওলোকৰ ধাবাখনত। আহিল ধাবাখনত বিল পৰিশোধ কৰা প্ৰসংগ। সুৰা, খাদ্য সকলো মিলি বিল হ’ল গৈ ২৩ হাজাৰৰো অধিক। লগত তেঁওলোকৰ আছিল মাত্ৰ মন্ত্ৰী দাসে দি যোৱা ১০হাজাৰ টকা।
ইফালে ধাবাৰ কৰ্মচাৰীয়ে তেঁওলোকক নেৰে। মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠানতে হেনো ১০হাজাৰ টকা খাবলৈ দিওঁতে সেয়া কম হ’ব বুলি তেঁওলোকে আপত্তি কৰিছিল। এজন বিশেষ কৰ্তব্যৰত বিষয়াই লগত নগদ ধন নাই বুলি কৈ কিবা অসুবিধা হ’লে ফোন কৰিব বুলি আশ্বাস দি গৈছিল।
বিপদৰ সময়ত ধাবাৰ পৰা সাংবাদিককেইগৰাকীয়ে সেই বিশেষ কৰ্তব্যৰত বিষয়াজনলৈ ফোন কৰিছিল। পিছে সাংবাদিকৰ ফোন তেঁও নধৰিলে। উপায়বিহীন হৈ সাংবাদিককেইগৰাকীয়ে ডিব্ৰুগড় আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়ালৈ ফোন লগালে।
বিষয়াজনক তেঁওলোকৰ বিপদৰ কথা কোৱাত তেঁও আমোলাপট্টি আৰক্ষী চকীৰ এজন বিষয়াক ধাবাখনলৈ পঠিয়ালে। তেঁও সাংবাদিককেইজনৰ হাতত তুলি দিলে ৫হাজাৰ টকা। তেতিয়াও বিল নিমিলে। হাতত জমা ১৫হাজাৰ টকা। সেই সময়তে ধাবাখনত উপস্থিত হ’লহি কাশ্যপ উপাধিধাৰী এজন স্থানীয় বিজেপি নেতা।
সাংবাদিকৰ অনুৰোধত তেঁও জেপত হাত ভৰাই ৩হাজাৰ টকা উলিয়াই দিলে। এইবাৰ ধাবাৰ মালিকৰ সৈতে দৰ-দাম চলিল। ২০হাজাৰ টকা দিব লাগিব বুলি কোৱাত ১৮হাজাৰ টকা দি বাকী ২হাজাৰ এজনে পিছদিনা দিয়াৰ প্ৰতিশ্ৰুতিৰে সাংবাদিকৰ দলটোৱে ধাবা এৰিলে।
এয়া কোনো সাংবাদিকৰ বিৰুদ্ধে আমাৰ অভিযোগ নহয়। এয়া সাংবাদিকতাৰ নামত চলা দুৰৱস্থাৰ এখন ছবি। কি প্ৰয়োজন আছিল এনেদৰে জেপত ধন নোহোৱাকৈ ধাবাত বহি ভাত-মাংস-সুৰা খাবলৈ ? ডিব্ৰুগড়ত এই কাহিনী এতিয়া ফাটি-ফুটি গৈছে। যেন সাংবাদিক ভিক্ষাৰী হৈ পৰিছে !
খবৰ এটা কৰিবলৈ যাওতে সাংবাদিকে কিয় ধন ল’ব লাগে ? কিয় সুযোগ দিব লাগে জ্যেষ্ঠ সাংবাদিকসকলে সাংবাদিকক কিনিব খোজা এচামক ? আত্মমন্থন কেতিয়া কৰিব সাংবাদিকসকলে? জ্যেষ্ঠসকলৰ এই অৱস্থা দেখি নতুন প্ৰজন্মৰ সাংবাদিক গৈছে অবাটে। ইয়াৰ মাজতে সাংবাদিকক লৈ কটাক্ষ, তুচ্চ-তাচ্চিল্য কৰা মানুহৰ অভাৱ নাই।
অভাৱী সাংবাদিকো আছে বহুজন। আছে নিৰাপত্তাহীনতাত ভোগা সাংবাদিকো। সাংবাদিকৰ নিৰাপত্তা এতিয়া এক স্পৰ্শকাতৰ বিষয়।
দুৰ্বৃত্তৰ প্ৰাণনাশৰ ভাবুকি পাই অসহায় হৈ পৰা সাংবাদিকো আছে। পৰিয়ালৰ ওপৰত চলা মানসিক অত্যাচাৰৰ বাবে আৰক্ষীৰ সহায় লৈছে সাংবাদিকে। পুৰণি শত্ৰুতাৰ বাবেই পৰিয়ালৰ ওপৰত চলিছে আক্ৰমণ। অসহায় সাংবাদিকে সাংবাদিকৰ সহযোগিতা বিচাৰি দিব লগা হৈছে বাৰ্তা।
এনেকৈয়ে চলি আছে এই বৃত্তি। সাংবাদিক মানেই বেয়া নহয়, সাংবাদিক মানেই ভাল নহয়। এটা আপেক্ষিক মূল্যায়ন কৰাতো এতিয়া টান হৈ পৰিছে। প্ৰলোভনৰ জালত এই বৃত্তি সোমাই পৰিছে।
এটা চাম আছে সাংবাদিকৰ বেয়া দেখিলে তাৰ প্ৰচাৰ-প্ৰসাৰ কৰি আসুৰিক তৃপ্তি লাভ কৰে। ভাল সাংবাদিকৰ বিপদত কিন্তু তেঁওলোকে মাত নামাতে। সাংবাদিকৰো সমালোচনা হওক, বেয়া কামবোৰ আঙুলিয়াই দিয়ক।
সমান্তৰালভাৱে সাংবাদিকৰ নিৰাপত্তাৰ প্ৰশ্নত ৰাইজেও হ’ব লাগিব সজাগ-সচেতন। ডিব্ৰুগড়ত সংঘটিত এনে ঘটনাই সাংবাদিকৰ প্ৰতি মানুহৰ নেতিবাচক ধ্যান-ধাৰণাক আৰু গাঢ় কৰে। সাংবাদিক নিজেই নিজৰ প্ৰতি দায়বদ্ধশীল নহ’লে সাংবাদিক মানেই সাংঘাটিক বুলি ক’বলৈ ধৰা কথাবোৰেই সঁচা প্ৰমাণিত হৈ থাকিব।