/asomiyapratidin/media/media_files/2025/03/31/LRRMHUVXePiOMKcLearE.jpg)
ডিজিটেল সংবাদ,ধেমাজি: দেওবাৰে বিয়লি ৪ বজাত পিএম উচাৰ আচঁনিৰ অধীনত ৫ কোটি আৱন্টিত ধনেৰে আনুষ্ঠানিকভাৱে ধেমাজি চিটি মহাবিদ্যালয়ৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে ৷ এই উপলক্ষে মহাবিদ্যালয়ত এখনি সভা অনুষ্ঠিত হয় ৷
মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা জোনমনি ভিতৰোৱাল কোঁৱৰে আঁতধৰা সভাত শিক্ষামন্ত্ৰী ৰণোজ পেগু কয় যে, ৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা নতুন ভৱনটোৱে কেৱল মহাবিদ্যালয়খনৰে নহয় সমগ্ৰ ধেমাজি জিলাখনৰ কাৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অৱদান ৷
প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে বক্তব্যত ৰাজ্যৰ শিক্ষা বিভাগটো এটা পিৰামিডৰ সৈতে তুলনা কৰি ৰাজ্যখনত মুঠ ৪০ হেজাৰ খন প্ৰাথমিক বিদ্যালয় থকাৰ বিপৰীতে মুঠ ৪৩ হেজাৰখন উচ্চ মাধ্যমিক, ১১০০ খন ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, ৫০০ খন মহাবিদ্যালয় ,৩৩৭ খন চৰকাৰী মহাবিদ্যালয় হোৱা উপৰিও ২৬ খন বিশ্ববিদ্যালয় আছে বুলি উল্লেখ কৰে। লগতে ৰাজ্যত প্ৰকৃতাৰ্থত ছিনিয়ৰ চেকেণ্ডাৰী স্কুলহে বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলি কয় ৷
একে প্ৰসংগতে মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ২৬ হেজাৰ খন গাঁৱৰ বিপৰীতে ৰাজ্যত ৪০ হেজাৰ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কোনো প্ৰয়োজন নাই বুলিও উল্লেখ কৰে ৷ এই বিষয়লৈ ইতিমধ্যে চৰকাৰে এক সিদ্ধান্তও গ্ৰহন কৰিছে যে ৰাজ্যত প্ৰাথমিক বিদ্যালয় সংখ্যা কমাব লাগে ৷
ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয় সমূহৰ অৱস্থা সম্পৰ্কে বৰ্ণনা কৰি প্ৰায়ভাগ প্ৰাথমিক বিদ্যালয়তেই ১০ বা ১২ গৰাকী ছাত্ৰ-ছাত্ৰী আছে, তেনে ক্ষেত্ৰত ইমানবোৰ শিক্ষকক হেজাৰ হেজাৰ টকাৰ দৰমহা দি ৰখা কি প্ৰয়োজন আছে বুলিও মন্তব্য কৰে মন্ত্ৰী ৰণোজ পেগুৱে৷
উল্লেখ্য যে, ৰাজ্যখনৰ বিদ্যালয় সমূহৰ এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবদ চৰকাৰে ৮ হেজাৰ কৈ টকা খৰছ কৰিব লগীয়া হৈছে বুলিও অৱগত কৰে মন্ত্ৰী ৰণোজ পেগুৱে ৷ উক্ত সভাখনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক বৰগোহাঁই , মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডিম্বেশ্বৰ বৰুৱাকে বহু গৰাকী গণ্যমান্য ব্যক্তি, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উপস্থিত থাকে ৷