ধেমাজি জিলা ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশন সম্পন্ন...

ধেমাজি জিলা ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশন সম্পন্ন...

ডিজিটেল সংবাদ ধেমাজি: 'অসমৰ ৰাইজৰ বাবে যেতিয়া দুৰ্যোগ আহিছে, সংকট নামি আহিছে তেতিয়াই সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ সহযোগত আন্দোলন কৰি আহিছে'- এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ শনিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম দ্বিবাৰ্ষিক অধিবেশনৰ মুকলি সভাত বিশেষ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ কয় যে, অসমৰ ছাত্ৰ-ছাত্ৰীয়ে আকাশ চুব খোজে, ধেমাজি জিলাৰ ছাত্ৰছাত্ৰীৰ সমস্যা সামাধান হ'ব লাগিব ৷

ধেমাজি মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম খুলিব লাগে, আগশাৰী পাঠদানেৰে পৰীক্ষাৰ ফলাফল উচ্চ স্থানলৈ যোৱা সোৱনশিৰি মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে, ধেমাজি জিলাত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ ঘোষণা কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে। ভাষনত ড° ভট্টাচাৰ্যই কয় যে, আন্দোলন নকৰাকৈ চৰকাৰে ধেমাজিৰ সমস্যা সামাধান কৰিব লাগে।

তেওঁ কয়, অসমত বতৰ্মান ভাষাৰ সংকট আহিছে ৷ অসমৰ মাধ্যমত চৰকাৰে হাত দিব নোৱাৰিব ৷ মাধ্যমৰ সন্দৰ্ভত ভাষাৰ সন্দৰ্ভত ৪ টা সংকট আহিছে ৷ অসমৰ মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজী ভাষাটো ভালদৰে শিকাব লাগে ৷

অসমৰ মাতৃভাষা বিদ্যালয়ত ইংৰাজী মাধ্যম কোনো কাৰনতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে ৷ বান, খহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে ৷ ভূকম্পন এলেকাত বৃহৎ বান্ধ হ'ব নালাগে ৷

আজিৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ২০১৩ চনত গোগামুখত আহে বৃহৎ নদীবান্ধ হব নালাগে বুলি ভাষণ দিছিল ৷ কিন্ত আজি সম্পূৰ্ণ ওলোটা কৰি বৃহৎ নদীবান্ধ সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে ৷ সেইয়া কেতিয়াও মানি লোৱা নহব ৷

স্থানীয় নিকায় নিগমত খিলঞ্জীয়া মানুহৰ বাবে ১০০ শতাংশ সংৰক্ষণ হব লাগে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ ড° ভট্টাচাৰ্যই ভাষণত উল্লেখ কৰে ৷ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ কুমাৰ নাথে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাবে অসমৰ বিদ্যালয় সমুহত সংকট নামি আহিব বুলি উল্লেখ কৰে ৷

বতৰ্মান মাতৃভাষাৰ মাধ্যমৰ সমস্যাই অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহলৈ সংকট নমাই আনিব ৷ অসমত বাংলাদেশীৰ সমস্যাই অদূৰ ভবিষ্যতে খিলঞ্জীয়াৰ বাবে সংকট নমাই আনিব ৷

ভাষণত নাথে নাগৰিকপঞ্জীৰ ভিত্তি বৰ্ষ ১৯৭১ চন হলেহে অসম চুক্তি ৰক্ষা পৰিব বুলি উল্লেখ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে দেশ আৰু জাতিৰ ৰক্ষাৰ স্বাৰ্থত ছাত্ৰ সন্থাই সদায় আপোচহীন ভাৱে আন্দোলন কৰি আহিব বুলি উল্লেখ কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, উদ্দীপজ্যোতি গগৈ, উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, সহকাৰী সম্পাদক সমীৰন ফুকন, অভিবৰ্তন গোস্বামী, ধৰ্মেশ্বৰ দাস, সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা, ৰানা সোনাৰ, বিত্তীয় সম্পাদক খনিন্দ ৰাজবংশী, সাংস্কৃতিক সম্পাদক প্ৰসেন ডেকা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, সম্পাদক দিপাংকৰ শইকীয়া, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমনি কলিতা, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলিপ কুমাৰ ঝা, সোৱনশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়া, ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক দিব্য দত্ত, ধেমাজি জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি প্ৰদীপ বৰুৱা, ধেমাজি জিলা সাংবাদিক সংস্হাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, ধেমাজি জিলা কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি দিগন্ত তালুকদাৰ, ধেমাজি জিলা মইনা পাৰিজাতৰ সভাপতি ৰনজিত চিৰিং, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি জিলা টি এম পি কেৰ সভাপতি ৰোহিত নৰহ, ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি পৰীক্ষিত সোনোৱাল, ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি হোমৰাজ পুৰী আদি উপস্থিত থাকে ৷

মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম দ্বিবাৰ্ষিক অধিবেশন উপলক্ষে শনিবাৰে দুপৰীয়া বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিত ভট্টই ৷

সাংস্কৃতিকক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় উদীয়মান অভিনেত্ৰী ৰিচা ছেত্ৰীয়েও অংশগ্ৰহণ কৰে ৷ আবেলি মুকলি মঞ্চত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় ৷ সমাৰোহৰ উদ্বোধন কৰে ধেমাজিৰ লোকসংস্কৃতিৰ সাধক তথা বিশিষ্ট সমাজকৰ্মী বিমলা গগৈয়ে ৷

মুকলি সভাত দিগন্ত কাকতি আৰু কল্পজিত সোনোৱাল সম্পাদিত "অগ্ৰগামী" নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াই ৷ মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ মুকলি সভাৰ পাছতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in