প্ৰাপ্য বিচাৰি ঢকুৱাখনা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি...

ঢকুৱাখনা পৌৰ কৰ্মী সকলে ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰায় ১৪টা মাহৰ মাহিলি বেতনৰ পৰা বঞ্চিত হৈ আহিছে

author-image
Asomiya Pratidin
New Update
প্ৰাপ্য বিচাৰি ঢকুৱাখনা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি...

পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ প্ৰাপ্য বিচাৰি ঢকুৱাখনা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি। নগৰাঞ্চল আৰু পৌৰ এলেকাৰ নাগৰিকৰ অভাৱ সমস্যাৰ প্ৰতি সদা সচেতন হৈ নিৰন্তৰভাৱে জনসেৱা আগবঢ়াই যোৱা পৌৰ নিকায় কৰ্মচাৰী সকলৰ দীৰ্ঘ দিনীয়া অভাৱ সমস্যাৰ প্ৰতি তিলমানো ভ্ৰূক্ষেপ নাই চৰকাৰ কিম্বা নগৰ উন্নয়ন মন্ত্ৰীৰ।এই অভিযোগ ঢকুৱাখনা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ।

Advertisment

কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি ৰাজ্য খনৰ ১০৩ খন পৌৰ সভাৰ ৬ হাজাৰ ৮০০ গৰাকী পৌৰকৰ্মীৰ প্ৰাপ্য অধিকাৰ আৰু সুবিধা উপলব্ধ কৰাৰ ক্ষেত্ৰত নগৰ উন্নয়ন দপ্তৰ আৰু চৰকাৰৰ এনে দায়িত্বহীন দৃষ্টিভংগী আৰু বেপৰোৱা মনোভাৱৰ বাবেই  সীমাহীন যন্ত্ৰণা ভোগী আহিবলগীয়া হৈছে ভুক্তভোগী কৰ্মী সকলে ।

উল্লেখ্য যে, ৰাজ্যখনৰ পৌৰ কৰ্মী সকলৰ প্ৰাপ্তি আদায়ৰ হেতু বহুবাৰ বিভাগীয় মন্ত্ৰী আমোলাৰ সতে আলোচনা সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত সন্থাৰ দাবী অভিযোগলৈ কৰ্ণপাত নকৰে এনেবোৰ বেপৰোৱা ক্ষমতালোভী চক্ৰই। তাৰেই প্ৰতিবাদত ৰাজ্যখনৰ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই যোৱা ১৭ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অব্যাহত ৰাখি আহিছে এলানি প্ৰাপ্য বিচৰা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী।

দুটা পৰ্যায়ত অব্যাহত থকা এই প্ৰাপ্য বিচৰা গণ সংগ্ৰামৰ অংশ হিচাবে শুক্ৰবাৰে ঢকুৱাখনা পৌৰ সভাৰ কৰ্মচাৰী সকলেও দিনজোৰা প্ৰতিবাদী কাৰ্যসূচীৰে নিজস্ব প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে ঢকুৱাখনা পৌৰ সভাৰ সমূহ কৰ্মচাৰীয়ে একত্ৰিত হৈ পুৱা ৫ বজাতে পৌৰ সভাৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত তলা ওলমাই বেনাৰ আঁৰি ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ক্ষুব্ধ পৌৰ কৰ্মচাৰী সকলে জনোৱা মতে, অন্যান্য পৌৰ সভাৰ লগতে ঢকুৱাখনা পৌৰ সভাৰো গৰিষ্ঠ সংখ্যক কৰ্মচাৰীয়ে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈ আহিছে । সংগৃহীত তথ্য মতে ঢকুৱাখনা পৌৰ কৰ্মী সকলে ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰায় ১৪টা মাহৰ মাহিলি বেতনৰ পৰা বঞ্চিত হৈ আহিছে বুলি জনায়।

পৌৰ কৰ্মী সকলে নিয়মীয়া সেৱা আগবঢ়াই অহাৰ পাছতো মাহিলি বেতন কেইটা যথা সময়ত আদায় দিব নোৱাৰা ৰাজ্য চৰকাৰৰ এনে ব্যৰ্থতাৰ সমান্তৰালভাৱে পৌৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, প্ৰতি মাহৰ শেষত কৰ্মচাৰী সকলৰ দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰা, অনাদায় বকেয়া বেতন শীঘ্ৰে আদায়ৰ ব্যৱস্থা কৰা আদি মুঠ ৮টা দাবীৰ তাৎক্ষণিক সমাধানৰ দাবীৰে শুক্ৰবাৰে ১২ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

ধৰ্মঘট কাৰ্যসূচীত ঢকুৱাখনা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সভাপতি দ্বীপেন বৰগোঁহাই, সম্পাদক হৰেন বৰুৱাৰ নেতৃত্বত সমূহ কৰ্মচাৰীয়ে কৰ্মবিৰতিৰে প্ৰাপ্য আদায়ৰ গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণ কৰে।

আৰু পঢ়কঃ পোতাকলং প্ৰাথমিক বিদ্যালয়ত, ১৬ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৩ জন শিক্ষক...

assam dhakuakhana