পোতাকলং প্ৰাথমিক বিদ্যালয়ত, ১৬ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৩ জন শিক্ষক...

পাল পাতি আহে শিক্ষক, একেটা কোঠাতে ৬ টা শ্ৰেণী
পোতাকলং প্ৰাথমিক বিদ্যালয়
পোতাকলং প্ৰাথমিক বিদ্যালয়

ডিজিটেল সংবাদ, বেবেজীয়াঃ অসমৰ এখন বিদ্যালয়। পকী পথৰ দাতিতে থকা বিদ্যালয়খনৰ চৌদিশে পকী বেৰা । ভিতৰত ৩টা কোঠাৰ ২টা ঘৰ । বাহিৰৰ পৰা চালে এখন সুন্দৰ পৰিবেশৰ বিদ্যালয় যেন লাগে যদিও এই বিদ্যালয়ত ১৬ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক ৩গৰাকী। বিদ্যালয়খন আছে নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ,কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত জৰাবাৰী মৌজাৰ পোতাকলঙত । পোতাকলং প্ৰাথমিক বিদ্যালয়।

জানিবলৈ দিয়া অনুসৰি আটক ধুনীয়া বিদ্যালয় গৃহত আছে ৩গৰাকী বিখ্যাত ব্যক্তিৰ নামত ৩টা শ্ৰেণী কোঠা । ৰান্ধনীঘৰ, পকা চৌহদ থকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে ১৬ জন । শ্ৰেণীকোঠা কেইটা হ'ল ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ কক্ষ তৃতীয় শ্ৰেণীৰ বাবে, মহাত্মা গান্ধী কক্ষ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে, ৰবীন্দ্ৰনাথ ঠাকুৰ কক্ষ দ্বিতীয় শ্ৰেণীৰ বাবে আছে যদিও বিদ্যালয়ৰ কোঠা সমুহ বন্ধ । এটা কোঠাতেই বিদ্যালয় খনৰ ১৬ জন ছাত্ৰ-ছাত্ৰী একেলগে বহে বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বিদ্যালয়খনত "ক" মান শ্ৰেণীত ৩ জন, প্ৰথম শ্ৰেণীত ১ জন, দ্বিতীয় মানত ৩ জন, তৃতীয় শ্ৰেণীত ৩ জন, চতুৰ্থ শ্ৰেণীত ৩ জন আৰু পঞ্চম শ্ৰেণীত ৩ জনহে ছাত্ৰ ছাত্ৰী আছে । বিদ্যালয়খনত প্ৰধান শিক্ষক প্ৰবীৰ বৰুৱাকে ধৰি জাহান দলে আৰু ধৰিত্ৰী পাটৰ নামৰ তিনিগৰাকী শিক্ষক আছে ।

যিসময়ত চৰকাৰী নীতি মতে ৩০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে ।তেনে পৰিপ্ৰেক্ষিতত এটা কোঠাতেই থকা ৫টা শ্ৰেণীৰ ১৬ শিক্ষাৰ্থীক পঢ়ুৱাবলৈ কেনেকৈ ৩গৰাকীকৈ শিক্ষক আছে সেইটোহে সচেতন মহলত বিচাৰ্যৰ বিষয় হৈ পৰিছে । অভিযোগ অনুসৰি ছাত্ৰ -ছাত্ৰী কম হোৱাৰ সুবিধা লৈ শিক্ষকেও পাল পাতিহে বিদ্যালয়লৈ আহে । আনহাতে নতুন শিক্ষা নীতি প্ৰচলন কৰিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত লোৱা সময়ত বিদ্যালয়ৰ এনে ব্যৱস্থাই চৰকাৰী নীতি নিৰ্দেশনাকেই ভেঙুচালি কৰিছে বুলি সচেতন মহলে উল্লেখ কৰে।

আৰু পঢ়কঃ চিৰাঙৰ কাজলগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in