ঢকুৱাখনাৰ হত্যাকাণ্ড ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতঃ পুষ্পা গগৈ

সদৰ থানাত হাজিৰ সুনীলৰ পত্নী,পুত্ৰ,ভাতৃ-মাতৃ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ হত্যাকাণ্ড ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতঃ পুষ্পা গগৈ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ লোমহৰ্ষক হত্যাকাণ্ড ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। ৰাজনৈতিক হত্যাকাণ্ড। এই অভিযোগ ঢকুৱাখনাৰ জলজীৱন মিছনৰ সন্ধানহীন ঠিকাদাৰ সুনীল গগৈৰ পত্নীৰ। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁৱৰ চুমনীত অৰ্ধদগ্ধ মৃতদেহ সুনীলৰ নহয় ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰ বুলি নিশ্চিত হোৱাৰ পাছত এই মন্তব্য কৰে শোণিতৰ পত্নী পুষ্পা গগৈয়ে।

Advertisment

ঢকুৱাখনা সদৰ থানাত নতুনকৈ পঞ্জীভূত এটা গোচৰৰ ( নং-৪৮/২০২৪ ) ভিত্তিত  বুধবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত হোৱাৰ পূৰ্বে এই মন্তব্য কৰে সুনীলৰ পত্নীয়ে। সদৰ থানাত মঙলবাৰে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩০২/২০১/৩৪ ধাৰাত পঞ্জীভূত গোচৰৰ আচামী সুনীলৰ পত্নী পুষ্পা গগৈ,বয়স্ক মাতৃ,ভাতৃ জয়ন্ত গগৈ আৰু পুত্ৰ সৌৰভ গগৈক থানালৈ আনি গোচৰৰ সাক্ষ্য গ্ৰহণ কৰে। সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈয়ে সাক্ষ্য গ্ৰহণ কৰে।

ইপিনে আৰক্ষীয়ে সুনীল গগৈক পলাতক আচামী ঘোষণা কৰি ব্যাপক সন্ধান চলোৱা বুলি জনাইছে। সুনীলৰ পত্নীয়ে ঘিলামৰা জলজীৱন মিছনত সংঘটিত ভয়ানক বিত্তীয় কেলেংকাৰী গাপ দিবলৈ এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। সুনীলৰ তৎপৰতাতে ঘিলামৰা জনস্বাস্থ্যৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক নগদ ধন সহ গ্ৰেপ্তাৰ কৰাৰ পাছত উন্মোচিত হৈছিল অন্য এক ভয়ংকৰ বিত্তীয় কেলেংকাৰী।

য'ত বাঘা বাঘা ৰাজনৈতিক নেতা,মন্ত্ৰী,বিভাগীয় বিষয়ববীয়া জড়িত থকাৰ প্ৰামাণিক তথ্য পোহৰলৈ আহিছিল। বিভাগীয় স্তৰত সংঘটিত এই নিকৃষ্ট দুৰ্নীতি গাপ দিবলৈ এই  পৰিকল্পিত হত্যাকাণ্ড সংঘটিত কৰা বুলি চর্চা চলিছে। এই গুৰুতৰ অভিযোগ সুনীলৰ পত্নীয়েও মুকলি ভাবে উত্থাপন কৰিছে।

ইপিনে সুনীল গগৈ নিখোজ হৈ থকাৰ বাবেই দুটাকৈ দিনত আদালতত উপস্থিত নথকাৰ বাবে বিতৰ্কিত অভিযন্তা গোস্বামীয়ে আদালতৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হয়।বুধবাৰে নতুনকৈ পঞ্জীভূত গোচৰৰ ভিত্তিত সুনীলৰ পত্নী-পুত্ৰ আৰু ভতিজাকক বিয়লিলৈ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন ঢকুৱাখনা অভিমুখে ৰাওনা হৈছে ।

Also Read: মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ

Dhakuakhana case sunil gogoi jayanta goswami