মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ

মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজণ পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত নিৰাপত্তা বাহিনীৰ। বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলা সংলগ্ন খুজাইৰক টুৰেল এলেকাত অভিযান চলাই আৰক্ষীয়ে মাৰণাস্ত্ৰখিনি জব্দ কৰে।

অভিযান কালত মেগাজিনৰ সৈতে এটা এছএলআৰ, এটা বল্ট একচন ৰাইফল, ৯ এম এম পিস্তলৰ এটা খালী মেগজিন, ৫ টা HE-36 হেণ্ড গ্ৰেনেড, এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, থ্ৰি জিৰো থ্ৰি ৰাইফলৰ ১৩ টা কাৰ্টিজ, ৫ টা টিউব লঞ্চাৰ, গ্ৰেনেডৰ ৪ টা আৰ্মিং ৰিং সহ বিভিন্ন বিস্ফোৰক সামগ্ৰী জব্দ কৰা হয়।

Also Read: সুনীল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

manipur weapon