২২ আসনৰ ১২ খনত বিজয়ৰে বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ...

দেউৰী স্বায়ত্ব শাসিত পৰিষদ
দেউৰী স্বায়ত্ব শাসিত পৰিষদ

ডিজিটেল ডেস্কঃ বিজেপিৰ দখললৈ দেউৰী স্বায়ত্ব শাসিত পৰিষদ। আজি ঘোষণা হোৱা পৰিষদৰ নিৰ্বাচন ফলাফল অনুসৰি মুঠ ২২ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিলে ১২ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে ২ খন আৰু জে পি পিয়ে লাভ কৰিলে ৭ খনকৈ আসন। আৰু এখন আসনত বিজয় সাব্যস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীয়।

আজি ঘোষণা হোৱা ফলাফল অনুসৰি ১নং শদিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী যতীন চন্দ্ৰ দেউৰী, ২নং কুণ্ডিল সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ৰাম দেউৰী, ৩নং মাৰ্ঘেৰিটা সমষ্টিত বিজেপি প্ৰাৰ্থী যোগেন দেউৰী, ৪নং ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থী ভাস্কৰ দেউৰী, ৬নং কটিয়ৰি সমষ্টিত বিজেপিৰ হিৰণজিৎ বীৰেশ্বৰ দেউৰী, ৭নং ৰাজাবাৰী সমষ্টিত বিজেপিৰ ভৈৰৱ দেউৰী, ১৪ নং গোগামুখ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাকেশ বৰদেউৰী, ১৫ নং বৰদেউৰী সমষ্টিত বিজেপি প্ৰাৰ্থী অমৃত প্ৰভা দেউৰী, ২০ নং বঙালমৰা সমষ্টিত বিজেপিৰ প্ৰফুল্ল দেউৰী, ২১ নং গাভৰু সমষ্টিত বিজেপিৰ ৰমা দেউৰী আৰু ২২ নং গহপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী শশাংক বৰদেউৰীয়ে জয়লাভ কৰে। ১৬ নং বাঁহগড়া সমষ্টিত বিজেপি অগপ প্ৰাৰ্থী নন্দিতা দেউৰীয়ে জয়লাভ কৰে।

আনহাতে ৯নং মাজুলী সমষ্টিত JPP প্ৰাৰ্থী ৰূপ কুমাৰ দেউৰী, ১১ শ্ৰীপানী সমষ্টিত JPP বীণাপানি দেউৰী, ১২ নং জোনাই সমষ্টিত JPP প্ৰাৰ্থী ৰাজেশ দেউৰী, ১৩ নং বৰদলনি সমষ্টিত JPP প্ৰাৰ্থী জিণ্টু চান্দ দেউৰী, ১৭নং সমষ্টিত কাছিকটা সমষ্টিত JPPৰ বীৰেন দেউৰী, ১৮ নং পিছলা সমষ্টিত JPP প্ৰাৰ্থী ৰিংকুমণি দেউৰী আৰু ১৯ নং কিনাপথাৰ সমষ্টিত JPP প্ৰাৰ্থী বিজুমণি দেউৰীয়ে জয়লাভ কৰে।

ইয়াৰ উপৰিও ৫ নং টেঙাপানী, ৮ নং যোৰহাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ১০ নং চিচিবৰগাওঁ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে জয়লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in