/asomiyapratidin/media/media_files/2024/12/15/1jCUULsd2qW8RlfKbtfK.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ গো-মাতাক সুৰক্ষা প্ৰদানৰ নামত চৰকাৰে বিভিন্ন নিয়ম প্ৰৱৰ্তন কৰি আহিছে । কিন্তু একেখন বিজেপি চৰকাৰৰে এটা বিভাগ 'জলসম্পদ বিভাগ'ৰ সিদ্ধান্তৰ বাবে ভয়ংকৰ দুৰ্যোগ নামি অহাৰ উপক্ৰম ঘটিছে চিচিবৰগাঁৱৰ এখন চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত গো-শালালৈ।
ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ ২ নং ধুনাগুৰি গাঁৱৰ ভেৰেকী বেতভঁৰাল বিলত অৱস্থিত এইখন শ্ৰী জয়গুৰু গৌশালা । ২০২২ চনৰ পৰা ধেমাজি,লখিমপুৰ,ডিব্ৰুগড়, চৰাইদেউ আদি জিলাৰ যিমান সমুহ অবৈধ গৰু আৰক্ষীয়ে জব্দ কৰিছে সকলো গৰু জিম্মাত দিয়া হয় এইখন গৌশালাত।
বৰ্তমানেও পাঁচ শতাধিক তেনে গৰু পোহপাল দি আছে এইখন গো-শালাৰ স্বত্বাধিকাৰী সুভাষ পালে। তেওঁ জনিবলৈ দিয়া অনুসৰি আজি পৰ্যন্ত চৰকাৰৰ পৰা তাৰ বিনিময়ত এটাও টকা লাভ কৰিবলৈ সক্ষম হোৱা নাই সুভাষ পালে । অতি দুৰ্গম স্থানত হোৱাৰ বাবে যথেষ্ট অসুবিধাৰ মাজৰে নিজৰ গাঁঠিৰ ধন ভাঙি গৰু সমূহ পোহপাল দি আহিছে ।আনকি গৰুক ভেকচিন দিবলৈ এজন পশু চিকিৎসা কৰ্মীও নাযায় তালৈ ।
সম্প্ৰতি গাইনদীৰ বাওঁ দিশৰ মথাউৰিটো বৃদ্ধি কৰিবলৈ জলসম্পদ বিভাগে কাম কৰি আছে। পিছে নতুন মঠাউৰিটো নিৰ্মাণ কৰিবলৈ গৈ এই অতি গুৰুত্বপূৰ্ণ গৌশালাখন নদীৰ মাজত পেলাই মথাউৰি নিৰ্মাণৰ কাম হাতত লৈছে । তেনে কৰিলে আগন্তুক বাৰিষাত গৌশালাখন নদীৰ বুকুত জাহ যোৱাতো নিশ্চিত । সেই সন্দৰ্ভত গৌশালাখনৰ স্বত্বাধিকাৰী সুভাষ পালে জলসম্পদ বিভাগৰ লগতে জিলা আয়ুক্তকো আবেদন জনাইছিল যদিও কোনো সুফল লাভ কৰা নাই ।
শ শ পুৰা মাটি পৰি থকাৰ পিছতো গৌশালাখন ধ্বংস কৰি বেকাকৈ মথাউৰিটো নিৰ্মাণ কৰিবলৈ লোৱাত চিন্তা প্ৰকাশ কৰিছে গো-শালাৰ স্বত্বাধিকাৰীজন। সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনাইছে গৌশালা কৰ্তৃপক্ষই ।