১৫ জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়!

১৫ জানুৱাৰীলৈকে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে দিল্লী চৰকাৰে। ঠাণ্ডাৰ বাবে বিদ্যালয় সমূহ বন্ধ দিয়া হৈছে দিল্লীত।
school close
school close

ডিজিটেল ডেস্ক: ১৫ জানুৱাৰীলৈকে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে দিল্লী চৰকাৰে। ঠাণ্ডাৰ বাবে বিদ্যালয় সমূহ বন্ধ দিয়া হৈছে দিল্লীত। ৰাজধানী চহৰখনত দেওবাৰে সৰ্বনিম্ন তাপমান আছিল ১.৯ ডিগ্ৰী চেলছিয়াছ ।

সেয়েহে আৰু ৭ দিন শীতৰ বন্ধ ঘোষণা কৰিছে দিল্লী চৰকাৰে। উল্লেখযোগ্য যে ৮ জানুৱাৰীলৈকে দিল্লীয়ে সকলো বিদ্যালয়ত ঠাণ্ডাৰ বাবে বন্ধ দিয়া হৈছে। যোৱা ১০ বছৰৰ ভিতৰত দিল্লীত সৰ্বনিম্ন তাপমানৰ ক্ষেত্ৰত অভিলেখ হৈছিল। ১ জানুৱাৰীত দিল্লীত তাপমান আছিল ১.১ডিগ্ৰী ছেলচিয়াছ।

আৰু পঢ়ক: বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যাব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in