বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যাব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা...

উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাক। বৃহস্পতিবাৰে বাঁহী বাদক গৰাকী চিকিৎসাৰ বাবে ৰাওনা হ'ব হায়দৰাবাদলৈ।
বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যাব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা...

ডিজিটেল ডেস্ক: উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাক। বৃহস্পতিবাৰে বাঁহী বাদক গৰাকী চিকিৎসাৰ বাবে ৰাওনা হ'ব হায়দৰাবাদলৈ।বৰ্তমান দিছপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছে দীপক শৰ্মা।

ক'ভিডত আক্ৰান্ত হোৱাৰ উপৰিও ডেংগুতো আক্ৰান্ত হৈছিল বাঁহী বাদক গৰাকী। শেহতীয়াকৈ জণ্ডিছত আক্ৰান্ত দীপক শৰ্মা যকৃতকে ধৰি দেহৰ আন কিছু অংগতো বিসংগতি ধৰা পৰিছে। সেয়েহে চিকিৎসকে বাঁহী বাদক গৰাকীৰ উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়াৰ পৰামৰ্শ দিছিল।

ৰাজ্য চৰকাৰে বাঁহী বাদক গৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু সহায় কৰাৰ আশ্বাস দিয়াৰ উপৰিও দীপক শৰ্মাৰ গুণমুগ্ধ সকলেও তেওঁৰ চিকিৎসাৰ বাবে কিছু ধন সংগ্ৰহ কৰিছে। বাঁহী বাদক গৰাকী নিজেও উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন তেওঁৰ হাতত নথকাৰ বাবে চৰকাৰ তথা ৰাইজক সহায় সহযোগৰ আহ্বান জনাইছে।

আৰু পঢ়ক: পূৰ্বাঞ্চল প্ৰিমিয়াম লীগ: হাটশিঙিমাৰীৰ হাতত ৭ উইকেটত পৰাস্ত তুৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in