বিজেপিৰ দুৰ্গত কেজৰিৱালৰ দপদপনি! দিল্লীৰ পৌৰ নিৰ্বাচনত জয়ী আপৰ প্ৰাৰ্থীলৈ ফোন...

বিজেপিৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই আপে দখল কৰি দিল্লী পৌৰ নিগম। বুধবাৰে ঘোষণা হোৱা দিল্লী পৌৰ নিগম নিৰ্বাচনত আপে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি শাসনলৈ আহে।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ দুৰ্গত কেজৰিৱালৰ দপদপনি! দিল্লীৰ পৌৰ নিৰ্বাচনত জয়ী আপৰ প্ৰাৰ্থীলৈ 
ফোন...

ডিজিটেল ডেস্ক: বিজেপিৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই আপে দখল কৰি দিল্লী পৌৰ নিগম। বুধবাৰে ঘোষণা হোৱা দিল্লী পৌৰ নিগম নিৰ্বাচনত আপে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি শাসনলৈ আহে।

Advertisment

২৫০ খন আসনৰ ১৩৪ খন আসন আপে, ১০৪ বিজেপি, ৯ খন কংগ্ৰেছ আৰু ৩ খন আসন লাভ কৰিবলৈ সক্ষম হয়। এই ফলাফলৰ লগে লগেই দিল্লীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে আপে। লগতে কয় যে দিল্লীত এতিয়া ৰাজনীতি নহয়, কেৱল উন্নয়ন হ'ব।

ফলাফল ঘোষণা হোৱাৰ কিছুসময় পাছতেই বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে আপৰ নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াই। টুইটৰ জৰিয়তে তেওঁ কয় যে, "বিজেপিৰ খেল আৰম্ভ হৈছে। আমাৰ নৱ নিৰ্বাচিত কাউঞ্চিলৰ সকললৈ ফোন আহিবলৈ আৰম্ভ হৈছে। কিন্তু আমাৰ কোনো বিক্ৰী নহয়। আমি সকলো কাউঞ্চিলৰক তেওঁলোকৰ কল ৰেকৰ্ড কৰিবলৈ কৈছো।"

অন্যহাতে বিজেপিয়ে কৈছে যে মেয়ৰৰ নিৰ্বাচন এতিয়াও বাকী আছে আৰু বিৰোধীসকলৰ সৰ্বাধিক আসন থকা স্বত্বেও মেয়ৰ বিজেপিৰেই হ'ব।

উল্লেখযোগ্য যে, ২০১৭ চনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি ১৮২ খন আসন লাভ কৰি পৌৰ নিগম গঠন কৰিছিল। ইয়াৰ বিপৰীতে এইবাৰ আপে ৪৮ খন কংগ্ৰেছে ৩০ খন, অন্যান্যই ১১ খন আসন লাভ কৰিছিল।

আৰু পঢ়ক: পত্নীৰ অত্যাচাৰ! মূৰত গুলীয়াই আত্মহত্যা ব্যৱসায়ী সিদ্ধাৰ্থৰ...

delhi aap arvind kejriwal bjp