পত্নীৰ অত্যাচাৰ! মূৰত গুলীয়াই আত্মহত্যা ব্যৱসায়ী সিদ্ধাৰ্থৰ...

বুধবাৰে উলুবাৰীৰ প্রশান্তি এপাৰ্টমেণ্টত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মূৰত গুলীয়াই আত্মহত্যা কৰে এজন ব্যৱসায়ীয়ে।

author-image
Asomiya Pratidin
New Update
পত্নীৰ অত্যাচাৰ! মূৰত গুলীয়াই আত্মহত্যা ব্যৱসায়ী সিদ্ধাৰ্থৰ...

ডিজিটেল ডেস্ক: বুধবাৰে উলুবাৰীৰ প্রশান্তি এপাৰ্টমেণ্টত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মূৰত গুলীয়াই আত্মহত্যা কৰে এজন ব্যৱসায়ীয়ে। নিজ বাসভৱনতে আত্মহত্যা কৰা ব্যৱসায়ী জনৰ নাম সিদ্ধাৰ্থ চৰকাৰ।

Advertisment

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। সিদ্ধাৰ্থ সৰকাৰে পাৰিবাৰিক সংঘাতৰ বাবেই আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, সিদ্ধাৰ্থৰ পত্নীয়ে দুদিন পূৰ্বে মহিলা থানাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিত আজি থানাই তলব কৰিছিল ব্যৱসায়ীজনক।

সিদ্ধাৰ্থৰ ভাতৃয়ে অভিযোগ কৰা অনুসৰি ককায়েকক ফোনযোগে জনাইছিল পত্নীৰ অত্যাচাৰৰ কথা। কেৱল ইমানেই নহয় সিদ্ধাৰ্থৰ মৃত্যুৰ খবৰ পৰিয়ালৰ লোকৰ পৰাও লুকুওৱা হৈছিল। এপাৰ্টমেণ্টটোৰ অন্য লোকেহে খবৰ দিছিল পৰিয়ালৰ লোকক।

বিয়লি শেষবাৰৰ বাবে ভাতৃয়ে ফোন কৰিছিল ককায়েকক। তাৰ পাছতেই উদ্ধাৰ হয় সিদ্ধাৰ্থৰ মৃতদেহ। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

আৰু পঢ়ক: দিল্লী আপৰ! ১৫ বছৰ বিজেপিৰ দখলত থকা পৌৰ নিগম কেজৰিৱালৰ হাতত...

 

assam suicide guwahati Assam police