/asomiyapratidin/media/media_files/2025/02/19/dB0djDQdkJZVApFZ892i.png)
ৰেখা
ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন ডিজিটেলৰ পূৰ্বানুমানেই সচাঁ প্ৰমাণিত হ'ল। সকলোকে চমক দি বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে ৰেখা গুপ্তাক। উল্লেখ কৰা প্ৰয়োজন যে, দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৌৰত শেষ পৰ্যায়ত ৰেখা গুপ্তাৰ নাম প্ৰথম স্থানত আছে বুলি প্ৰায় ১৮ঘন্টাৰ আগতেই পূৰ্বানুমান কৰি অসমীয়া প্ৰতিদিন ডিজিটেলে প্ৰস্তুত কৰিছিল এখন বিশেষ প্ৰতিবেদন।
অচিনাকী কিন্তু নিষ্ঠাৱান 'ৰেখা'ক দিল্লী গতাব বিজেপিয়ে!- শীৰ্ষক এই বিশেষ প্ৰতিবেদনত কিয় ৰেখা গুপ্তাক বিজেপিয়ে মুখ্যমন্ত্ৰীৰ তালিকাত প্ৰথম স্থানত ৰাখিছিল সেই কথা পুংখানুপুংখভাৱে উল্লেখ কৰা হৈছিল। সেই বিশেষ প্ৰতিবেদন পঢ়িব পাৰিব এই লিংকতঃ- অচিনাকী কিন্তু নিষ্ঠাৱান 'ৰেখা'ক দিল্লী গতাব বিজেপিয়ে!
উল্লেখ কৰা প্ৰয়োজন যে, দিল্লীৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ অন্তত ৰেখা গুপ্তাক মুখ্যমন্ত্ৰী আৰু কেজৰিৱালক পৰাস্তা কৰা প্ৰৱেশ বাৰ্মাক উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ কথা সদৰি কৰে বিজেপিয়ে। ইফালে মুখ্যমন্ত্ৰীৰ আসনৰ বাবে চৰ্চাত থকা বিজেন্দ্ৰ গুপ্তাক বিধানসভাৰ অধ্যক্ষ পদবী প্ৰদান কৰা হৈছে।