/asomiyapratidin/media/media_files/2025/02/19/kySIFAuVH8GhcU9HlGHU.jpg)
দিল্লীৰ ৰেখা
দিল্লী নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা বহুদিন পাৰ হ'ল। পেণ্ডেল, অতিথি সকলো সাজু, কিন্তু এতিয়ালৈকে বিজেপিয়ে চুড়ান্ত কৰা নাই মুখ্যমন্ত্ৰীৰ নাম। বহুজনৰ নাম চৰ্চাত আহি পুনৰ আঁতৰি গৈছে মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা। কিন্তু শেহতীয়াকৈ বিজেপিয়ে প্ৰস্তুত কৰিছে ৪জনীয়া বিশেষ তালিকা। এই তালিকাৰ পৰাই কোনোবা এগৰাকীক দিল্লীৰ মুখ্যমন্ত্ৰী পাতিব বিজেপিয়ে। সকলোকে আচৰিত কৰি কোনেও নভৱা এগৰাকীক বিজেপিয়ে দিব নেকি দিল্লীৰ দায়িত্ব! নে দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ ঘোষণাৰে পুনৰ এক ৰাজনীতি আৰম্ভ কৰিব বিজেপিয়ে। সবিশেষ সামৰি এক প্ৰতিবেদন...
২৭বছৰৰ পাছত দিল্লীত পুনৰ চৰকাৰ গঠন কৰিবলৈ ওলাইছে গেৰুৱা বাহিনীয়ে। অহা ২০ ফেব্ৰুৱাৰীত শপতগ্ৰহণ অনুষ্ঠানৰ বাবে সাজু কৰা হৈছে দিল্লীৰ ৰামলীলা মৈদান। সকলো প্ৰস্তুতি জোৰদাৰভাৱে চলিছে। পেণ্ডেলৰ পৰা আদি কৰি চকী-মেজ সকলো সাজু কৰা হৈছে। কিন্তু এতিয়ালৈকে চূড়ান্ত হোৱা নাই দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ব কোন?
কোন ৪গৰাকী বিজেপি বিধায়কৰ নাম শেষত ৰৈছেগৈ তালিকাত-
প্ৰৱেশ বাৰ্মা। নতুন দিল্লী সমষ্টিত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মাৰ নাম নিৰ্বাচনৰ পিছৰে পৰাই চৰ্চাত আছে। কিছুদিনৰ আগলৈকে প্ৰৱেশ বাৰ্মাকেই সকলোৱে মুখ্যমন্ত্ৰীত্বৰ দৌৰত আগত আছে বুলি ভাৱি আহিছিল যদিও শেষ মূৰ্হুতত সলনি হৈছে পৰিৱেশ।
দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ দৌৰত এতিয়া সবাতোকৈ আগত আছে এগৰাকী মহিলা বিজেপি বিধায়িকা। নাম তেওঁৰ ৰেখা গুপ্তা। এক সূত্ৰৰ খবৰৰ ভিত্তিত ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি সকলোকে চেৰাই এতিয়া ৰেখা গুপ্তা এতিয়া আছে তালিকাৰ প্ৰথম স্থানত।
প্ৰথম স্থানত থকা ৰেখা গুপ্তা এইবাৰ শালীমাৰবাগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। সকলোকে আচৰিত কৰি ২০ফেব্ৰুৱাৰীৰ দিনৰ ১১.৩০বজাত ৰেখা গুপ্তাকেই মুখ্যমন্ত্ৰী পাতিব পাৰে বিজেপিয়ে। ইয়াৰ আঁৰতো আছে এটা বিশেষ ৰাজনীতি। বিজেপিয়ে পূৰ্বৰ পৰাই পৰিকল্পনা কৰি আছিল যে, দিল্লীৰ নিৰ্বাচনত যদিহে সফল হয় তেন্তে এগৰাকী মহিলা প্ৰাৰ্থীক দিব মুখ্যমন্ত্ৰীত্ব। যাৰ বাবে তেওঁলোকে স্মৃতি ইৰানীৰ কথা চিন্তা কৰিছিল।
কিন্তু বিশেষ কিছু কাৰনত স্মৃতি ইৰানী বাহিৰ হ'ল দিল্লীৰ ভাবী মুখ্যমন্ত্ৰীৰ তালিকাৰ পৰা। তাৰ পিছতে চৰ্চাত আহিল ৰেখা গুপ্তাৰ নাম। দিল্লীৰ মহিলা মৰ্চাৰ অধ্যক্ষা ৰেখা গুপ্তা। মন কৰিবলগীয়া যে, এন ডি এ শাসিত কোনো এখন ৰাজ্যতে এতিয়ালৈকে নাই মহিলা মুখ্যমন্ত্ৰী। গতিকে এইবাৰ দিল্লীত বিজেপিয়ে এই সুযোগ গ্ৰহণ কৰি ৰাজনীতিত আন এক বাৰ্তা দি সবল কৰিব পাৰে দলৰ ভেটিঁ।
দ্বিতীয় স্থানত থকা বিধায়কগৰাকী হৈছে ৰোহিনী সমষ্টিৰ বিধায়ক বিজেন্দ্ৰ গুপ্তা। কেজৰিৱাল চৰকাৰৰ দিনত বিৰোধী দলপতি আছিল বিজেন্দ্ৰ গুপ্তা। দলৰ এগৰাকী পুৰণি নিষ্ঠাৱান কাৰ্যকতা হৈছে বিজেন্দ্ৰ গুপ্তা। বিজেপিৰ বেয়া দিনত দলটোক নেতৃত্ব দিয়া বিজেন্দ্ৰ গুপ্তাক বিজেপিয়ে দিব পাৰে পুৰস্কাৰ। ইফালে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে আৰ এছ এছৰ সৈতে ভাল সম্পৰ্ক বিজেন্দ্ৰ গুপ্তাৰ।
মুখ্যমন্ত্ৰীৰ বাবে থকা ৪জনীয়া তালিকাত থকা শেষৰগৰাকী বিধায়ক হৈছে আশীষ ছুদ। জনকপুৰী সমষ্টিৰ বিধায়ক আশীষ ছুদৰ নাম শেহতীয়াকৈ চৰ্চালৈ আহিছে। নতুন প্ৰজন্মৰ এগৰাকী শক্তিশালী নেতা আশীষ ছুদ। বিজেপিয়ে যিহেতু নতুন প্ৰজন্মক সদায়েই গুৰু দায়িত্ব দি আহিছে, গতিকে এইবাৰ দিল্লীতো কপাঁল ফুলিব পাৰে আশীষৰ।
জনকপুৰীৰ বিধায়কগৰাকীৰ আন এটা দিশ হৈছে যে, তেওঁ পাঞ্জাৱী ভাষীসকলৰ এখন চিনাকী মুখ। দীৰ্ঘদিন ধৰি আৰ এছ এছৰ সৈতে ভাল সম্পৰ্ক তেওঁৰ। পাৰ্টিৰ বাবে জম্মু-কাশ্মীৰ, গোৱাৰ দৰে ৰাজ্যত কাম কৰি সুনাম অৰ্জন কৰা আশীষে মুখ্যমন্ত্ৰীত্ব পালে আচৰিত হবলগীয়া একো নাই।
মুখ্যমন্ত্ৰীত্বৰ বাচনিৰ ক্ষেত্ৰত সদায়েই বিজেপিয়ে সকলোকে আচৰিত কৰি আহিছে। চৰ্চা চলি থকা নেতাৰ বিপৰীতে অন্য কোনো এগৰাকী নেতাক দায়িত্ব দি সকলোকে চমক দি আহিছে বিজেপিয়ে। শেহতীয়াকৈ মধ্যপ্ৰদেশ আৰু হাৰিয়ানাতো এনেকুৱাই কৰিছিল বিজেপিয়ে। গতিকে দিল্লীৰ ক্ষেত্ৰতো এনে কৰাই সম্ভাৱনা অধিক।
পূৰ্বতে কেতিয়া চৰকাৰ গঠন কৰিছিল বিজেপিয়ে-
১৯৯৩চনত দিল্লী দখল কৰিছিল বিজেপিয়ে। ১৯৯৩চনৰ পৰা ১৯৯৮চনলৈকে এই কালচোৱাত দিল্লীত বিজেপি চৰকাৰখন বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। যাৰ বাবে ৫বছৰীয়া এই শাসনকালত ৩গৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছিল।
১৯৯৩চনত দিল্লী বিজয়ৰ পাছত বিজেপিয়ে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈছিল মদন লাল খুৰানাই। কিন্তু ১৯৯৩ৰ পৰা ১৯৯৬চনলৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰীত্বৰ পৰা। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল চাহিব সিং বাৰ্মা। চাহিব সিং বাৰ্মা দিল্লীৰ প্ৰায় আঢ়ৈ বছৰ ধৰি মুখ্যমন্ত্ৰী আছিল। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মা হৈছে চাহিব সিং বাৰ্মাৰ পুত্ৰ।
চাহিব সিং বাৰ্মাৰ আঢ়ৈ বছৰ ধৰি শাসনকালৰ পাছত অতি কম দিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল সুষমা স্বৰাজ। মাত্ৰ ৫২দিনৰ বাবে দিল্লীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল সুষমা স্বৰাজে। তাৰ পিছতে আহিল ১৯৯৮চনৰ নিৰ্বাচন।
এই নিৰ্বাচনত কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল বিজেপি। শীলা দীক্ষিত হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী। তাৰ পিছতে প্ৰায় ২৭বছৰৰ পাছত এতিয়া পুনৰ দিল্লীৰ শাসনভাৰ লাভ কৰিছে বিজেপিয়ে। ১৯৯৮চনত বিজেপিয়ে দিল্লী হেৰুৱাৰ পাছতে তিনিটা কাৰ্যকালৰ বাবে দিল্লী দখল কৰিছিল কংগ্ৰেছে। ১৯৯৮, ২০০৩ আৰু ২০০৮ৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল সংখ্যাগৰিষ্ঠতা। তাৰ পিছতে ২০১৩, ২০১৫, ২০২০ৰ নিৰ্বাচনত দিল্লী দখল কৰিছিল আপে।