উচ্চতম ন্যায়ালয়ে নিদিলে ৰেহাই! ১জুনত পুনৰ জেললৈ কেজৰিৱাল...

মাজত মাঁথো আৰু ২টা দিন। ১জুনত পুনৰ জেললৈ উভতিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কৰা আবেদন খাৰিজ কৰিছে। জামিনৰ ম্যাদ আৰু ৭দিন বৃদ্ধিৰ বাবে কেজৰিৱালৰ তৰফৰ পৰা আবেদন কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে।

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ে নিদিলে ৰেহাই! ১জুনত পুনৰ জেললৈ কেজৰিৱাল...

ডিজিটেল ডেস্কঃ মাজত মাঁথো আৰু ২টা দিন। ১জুনত পুনৰ জেললৈ উভতিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কৰা আবেদন খাৰিজ কৰিছে। জামিনৰ ম্যাদ আৰু ৭দিন বৃদ্ধিৰ বাবে কেজৰিৱালৰ তৰফৰ পৰা আবেদন কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে।

উক্ত আবেদনত কেজৰিৱালে স্বাস্থ্যজনিত কিছু কাৰন দোহাই দি জামিন ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিছিল। আবেদনত কেজৰিৱালে লিখিছে যে- জেললৈ যোৱাৰ পাছত মোৰ শৰীৰৰ ৭কিলো ওজন হ্ৰাস পাইছে। এয়া কোনো গম্ভীৰ বেমাৰৰ লক্ষণো হব পাৰে। ইয়াৰ উচিত চিকিতসাৰ বাবে মোক আৰু ৭দিনৰ প্ৰয়োজন হব।‘

Also Read: সোণাৰি চাপৰিত অপবাদ সহিঁব নোৱাৰি আত্মহনন বোৱাৰীৰ...

অৰবিন্দ কেজৰিৱাল