সোণাৰি চাপৰিত অপবাদ সহিঁব নোৱাৰি আত্মহনন বোৱাৰীৰ...

সোণাৰি চাপৰিত অপবাদ সহিঁব নোৱাৰি আত্মহনন বোৱাৰীৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: সামাজিক অপযশ আৰু গ্লানিৰ মিছা(!) অপবাদ সহিব নোৱাৰি এগৰাকী মহিলাই আত্মহননৰ পথ বাছি লোৱা মৰ্মান্তিক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ স্থান ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি চাৰিআলি। সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সদৰৰ কনভাই বুঢ়াগোঁহাইৰ পত্নীয়ে মঙলবাৰে পুৱতি নিশা নিজা ঘৰৰ বাৰাণ্ডাৰ তাঁত শালৰ কোঠাত চিপ লৈ আত্মহনন কৰে। দৈনিক হাজিৰা ভিত্তিত মিস্ত্ৰী কৰি জীৱন নিৰ্বাহ কৰা কনভাই বুঢ়াগোঁহাইৰ পত্নীৰ এই আত্মহননৰ পাছত উদ্ধাৰ হোৱা এখন "চুইছাইড নোট"ৰ বাবে ঘটনাই অন্য মুৰ লৈছে ।

য'ত ঘৰৰ ওচৰৰে বাসিন্দা কফু ভদ্ৰৰ পত্নী  পুতলী ভদ্ৰৰ লগতে ৰাহুল দলে ওৰফে পুতপুত নামৰ এজন যুৱকৰ নাম উল্লেখ কৰি গৈছে । আত্মহননৰ পূৰ্বে মহিলা গৰাকীয়ে লিখি যোৱা উক্ত "নোট"তো হেৰাই যোৱাৰ আশংকাত  নিজৰ মবাইলত ফটো মাৰি সংৰক্ষণ কৰি আৰক্ষীৰ দৃষ্টিলৈ অনাৰ সুব্যৱস্থা কৰি গৈছে । সম্প্ৰতি আৰক্ষী আৰু ৰাইজৰ হাতে হাতে উপলব্ধ এই "চুইছাইড নোট" । ঘটনাৰ বিবৰণী অনুসৰি ওচৰৰে মহিলা পুতলী ভদ্ৰই স্থানীয় ৰাহুল পেগু ওৰফে পুতপুত নামৰ এজন যুৱকৰ সৈতে মৃতক নিবেদিতাৰ গোপন সম্পৰ্ক থকা বুলি সৰ্বত্ৰতে প্ৰচাৰ কৰাৰ লগতে মহিলা গৰাকীৰ স্বামীকো অৱগত কৰিছিল কেইদিনমান পূৰ্বে ।

তাৰোপৰি মৃতকে দাবী কৰি যোৱা এই মিছা অপবাদ জাপি দিয়াৰ উপৰিও উন্মত্ত প্ৰকৃতিৰ মহিলা পুতলীযে মৃতক নিবেদিতাৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা বুলিও স্থানীয় ৰাইজৰ মুখে প্ৰকাশ । এই বিতৰ্কিত মহিলা পুতলীয়ে কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ পৰ পুৰুষৰ সতে অবৈধ সম্পৰ্ক থকা বুলি চলোৱা অপপ্ৰচাৰত অতিষ্ঠ হৈ যোৱাসামাজিক গ্লানি সহিব নোৱাৰি নিশা এই অঘটন সংঘটিত কৰে এটা কিশোৰ সন্তানৰ মাতৃ গৰাকীয়ে। মঙলবাৰে পুৱা বাৰাণ্ডাত মাতৃৰ নিথৰ শীতল দেহ ওলমি থকা দেখি কিশোৰ পুত্ৰই নমাই ওচৰৰ আত্মীয়ক খবৰ দিয়ে ।

পাছত আৰক্ষীক খবৰ দিয়াত সোণাৰি চাপৰি আৰক্ষী আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে মহিলা গৰাকীয়ে লিখি যোৱা "আত্মহত্যাৰ টোকা" উদ্ধাৰ কৰি টোকাত নাম থকা উন্নাসিক চৰিত্ৰৰ পুতলী ভদ্ৰ আৰু স্বামী  কফু ভদ্ৰক আটক কৰি ঢকুৱাখনা আৰক্ষীৰ জিম্মাত ৰাখিছে। মৃতকে আত্মহত্যাৰ টোকাত নাম লিখি যোৱা ৰাহুল দলে ওৰফে পুতপুত নামৰ যুৱকজন পলাতক বুলি জনা গৈছে ।

ঘটনা সন্দৰ্ভত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়াৰ তত্বাৱধানত তদন্ত অব্যাহত আছে । ঘটনাৰ সঠিক তদন্ত হলে এগৰাকী নিৰ্বোধ নিৰীহ মহিলাক এনে নিৰ্মম চূড়ান্ত সিদ্ধান্ত লবলৈ বাধ্য কৰোৱা কাণ্ডজ্ঞানহীন পক্ষ আৰক্ষীৰ জালত পৰাটো নিশ্চিত । সোনাৰী চাপৰি মহিলা সমিতিযে এই সন্দৰ্ভত এক নিকা নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰি প্ৰকৃত দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in