নিৰ্ভয়া কাণ্ডই গৰকিলে এটা দশক, সলনি হ'ল নে দেশ ?

নিৰ্ভয়া কাণ্ডই গৰকিলে এটা দশক, সলনি হ'ল নে দেশ ?

ডিজিটেল ডেস্ক : ২০১২ চনৰ ১৬ ডিছেম্বৰত সমগ্ৰ দেশক জোকাৰি গৈছিল নিৰ্ভয়া কাণ্ডই । এই নৃশংস অপৰাধে দেশবাসীক বহু প্ৰশ্নৰ উত্থাপন কৰিবলৈ শিকোৱাৰ সৈতেই জনাই দিছিল অন্ধকাৰৰ আওতাত দেশত সংঘটিত অপৰাধ জগতৰ বিষয়ে । নাৰীৰ সুৰক্ষাৰ সৈতেই বহু পুৰুষৰ স্খলিত মানসিকতাৰো শিক্ষা লাভ কৰিছিল দেশবাসীয়ে এই জঘন্য অপৰাধৰ পৰা । কিন্তু যৱনিকা পৰিল জানো এই অপৰাধৰ ? নাৰী আজিও অসুৰক্ষিত দেশৰ বিভিন্ন প্ৰান্তত । সংবাদ মাধ্যমত দৈনিক প্ৰকাশ হৈ আহিছে নাৰীৰ ওপৰত সংঘটিত যৌন আতিশয্যৰ বাতৰি ।

নিৰ্ভয়া কাণ্ডই এটা দশক গৰক‍াৰ পাছত দেশবাসীক সেই ভয়াৱহ ঘটনাটিৰ বিষয়ে বিতংকৈ সদৰি কৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই কিন্তু সেই কাণ্ডটিৰ সৈতেই দেশত সলনি হৈছিল বহু ব্যৱস্থা  ।

সহস্ৰ যুৱতী আৰু নাৰীয়ে সাহসেৰে আৰক্ষীৰ বাধা নেওচি শক্তিশালী কন্ঠেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ । ইয়াৰ সৈতেই সলনি কৰা হৈছিল বহু আইন, সংশোধন কৰা হ'ল নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বিৰুদ্ধে থকা আইনৰ সুৰুঙা সমূহ, অপৰাধীৰ শাস্তিৰ ব্যৱস্থা তথা আন বহু বিষয় । কিন্তু পৰিতাপৰ বিষয় এই যে, নিৰ্ভয়া কাণ্ডৰ এটা দশকৰ পাছত এনে ঘটনা ৫০ শতাংশ বৃদ্ধি হে পালে দেশত ।

নিৰ্ভয়া কাণ্ডই সলনি কৰি পেলোৱা জীৱন শৈলীৰ ভিতৰত অন্যতম আছিল সীমা কুশ্ৱৱাহা । নিৰ্ভয়া কাণ্ডৰ পাছতেই উচ্চ শিক্ষাৰ বাবে দেশৰ ৰাজধানী দিল্লীলৈ যোৱা বহু কেইগৰাকী ছাত্ৰী উভতি আহিচলৈ বাধ্য হৈছিল নিজৰ বাসগৃহলৈ কেৱল নিৰাপত্তাৰ খাতিৰত । কিন্তু সীমা কুশ্বৱাহা অটল থাকিল নিজৰ সিদ্ধান্তত । অব্যাহত ৰাখিলে নিজৰ শিক্ষা । উল্লেখ্য যে, সীমা কুশ্বৱাহা আছিল আইনৰ ছাত্ৰী । নিৰ্ভয়া কাণ্ডৰ শুনানিত উপস্থিত থাকিবলৈ প্ৰথমে আদালতলৈ যোৱা সীমা কুশ্বৱাহাই পাছলৈ যোগদান কৰে নিৰ্ভয়াৰ ন্যায় প্ৰদানকাৰী অধিবক্তাৰ দলটিত । এই সকল লোকৰ নিৰন্তন প্ৰচেষ্টাতেই ২০১৩ চনত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় নিৰ্ভয়া কাণ্ডৰ অপৰাধী সকলক ।

এই জঘণ্য অপৰাধৰ সৈতেই প্ৰকাশ হৈছিল কেন্দ্ৰীয় চৰকাৰৰ এনে অপৰাধৰ এক প্ৰতিবেদন । এই প্ৰতিবেদন অনুসৰি, নাৰীৰ ওপৰত সংঘটিত অপৰাধ সমূহৰ ৯৫ শতাংশ সময়ত অপৰাধী হয়তো কোনো নিকটৱৰ্তী আত্মীয়, সহকৰ্মী অথবা বন্ধু । তেনেস্থলত নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সফল হ'ব নে এই সমূহ আইন ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in