অসমৰ পৰা লণ্ডনৰ কোম্পানীলৈ প্ৰেৰণ ৫০০ ৰো অধিক গামোচা

সাম্প্ৰতিক সময়ত হস্ততাঁত শিল্পৰ বিভিন্ন সমস্যা থকা স্বত্বেও অসমৰ অৰ্থনীতিত এক যুগান্তকাৰী ভূমিকা পালন কৰি আহিছে।
অসমৰ পৰা লণ্ডনৰ কোম্পানীলৈ প্ৰেৰণ ৫০০ ৰো অধিক গামোচা

ডিজিটেল সংবাদ, লাহোৱাল: সাম্প্ৰতিক সময়ত হস্ততাঁত শিল্পৰ বিভিন্ন সমস্যা থকা স্বত্বেও অসমৰ অৰ্থনীতিত এক যুগান্তকাৰী ভূমিকা পালন কৰি আহিছে।

লাহোৱাল সমষ্টিৰ অৰ্ন্তগত ছাগলীকটা গাঁৱৰ মহিলা শিপিনী গোটে আগন্তুক নতুন বছৰ আৰু বৰদিন উপলক্ষে লণ্ডনৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে তাঁতশালত ফুলাম গামোচা প্ৰস্তুত কৰি উলিয়াইছে শিপিনী সকলে।

লণ্ডনত মুখ্য কাৰ্য্যালয় হিচাপে থকা এটা বিশ্বব্যাপী চাহ ব্ৰেণ্ডে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মহিলা শিপিনী গোটৰ দ্বাৰা বোৱা ফুলাম গামোচাৰ প্ৰতি আগ্ৰহী হৈ লণ্ডনত আগন্তুক বৰদিন নতুন বছৰ উদ্‌যাপনত উপহাৰ হিচাপে আগবঢ়াবলৈ হাতেৰে বোৱা অসমীয়া সমাজ সংস্কৃতি জীৱনৰ চানেকিস্বৰূপ ফুলাম গামোচা যোগান ধৰিবলৈ অনুৰোধ জনায়।

লাহোৱালৰ ছাগলীকটা গাঁৱৰ মহিলা গোটে দিন ৰাত একাকাৰ কৰি গামোচা প্ৰস্তুত কৰি লণ্ডনলৈ ৫০০ৰো অধিক গামোচা ইতিমধ্যে প্ৰেৰণ কৰিছে।

ক’ভিদ মহামাৰীৰ সময়ত যি সকল শিপিনীৰ পৰিয়াল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। সেই শিপিনীসকলক নিজৰ অৰ্থনৈতিক কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰিবলৈ পৰিয়াল পোহপাল দিবলৈ পুনৰ গামোচা প্ৰস্তুত কৰাত ব্যস্ত হৈছে।

তদুপৰি লণ্ডনৰ কোম্পানীলৈ ৫০০ ৰো অধিক গামোচা প্ৰেৰণ কৰাত শিপিনিৰ সকল উৎফুল্লিত হোৱা পৰিলক্ষিত হয়।

আৰু পঢ়ক: বিবাহস্থলীত ভয়ংকৰ অগ্নিকাণ্ড! নিহত ২ আহত ৫০ জনৰো অধিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in