নামৰূপত মুণ্ডবিহীন অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ...

নামৰূপ থানাৰ অন্তৰ্গত খেৰমীয়া গাঁৱৰ প্ৰায় ১৫ ফুট গভীৰ পিতনীত এটা অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
নামৰূপত মুণ্ডবিহীন অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ...

নামৰূপত মুণ্ডবিহীন অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপ থানাৰ অন্তৰ্গত খেৰমীয়া গাঁৱৰ প্ৰায় ১৫ ফুট গভীৰ পিতনীত এটা অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি সন্ধ্যা কানিমুনি বেলা খেৰেমীয়া গাঁৱৰ পিতনীত এটা অৰ্ধ গলিত মৃতদেহৰ প্ৰত্যক্ষ কৰে একাংশ দিন হাজিৰা কৰি থকা লোকে।

Advertisment

লগে লগে নামৰূপ প্ৰশাসনক খবৰ দিয়াত আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়। নিশাৰ এন্ধাৰ আৰু পিটনিখন অধিক দ হোৱাৰ বাবে মৃতদেহটো নিশা উদ্ধাৰ কৰিব পৰা নহ'ল । 

লক্ষণীয় যে মৃতদেহটো সম্পূৰ্ণ গেলি পচি গৈছে আৰু মুণ্ডহীন বুলি সন্দেহ প্ৰকাশ  কৰিছে প্ৰত্যক্ষদর্শীয়ে। কাইলৈ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতহে চিনাক্ত কৰিব পৰা যাব।

ক্লিক কৰি পঢ়কঃ দলগাঁৱত ভূমি পৰীক্ষণ -মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ...

অসম নামৰূপ