ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ

বৰ্তমানো সন্ধানহীন আন এজন যুৱক: এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত
ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ মহানগৰীৰ পানীখাইটিৰ তামোলবাৰীত ব্ৰহ্মপুত্ৰ নৈত নিখোজ হোৱা চিন্ময় পাঠক(১৯) নামৰ যুবকজনৰ মৃতদেহ সোমবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এছ ডি আৰ এফ বাহিনী। পুৱাৰ পৰা অভিযান চলাই এছ ডি আৰ এফে যুৱক জনৰ নিথৰ দেহ উদ্ধাৰ কৰে।

কিন্তু এই পৰ্যন্ত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা পাথৰকুৱৰীৰ অৰ্জুন নাথ (২০) নামৰ যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। বৰ্তমানো উদ্ধাৰকাৰী বাহিনীৰ লোকে নিখোজ অৰ্জুন নাথৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে দেওবাৰে দুপৰাীয়া নাৰেংগী আৰু পাথৰকুৱৰী অঞ্চলৰ ১০জনীয়া যুৱকৰ এটা দল ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল। ইয়াৰে চাৰিজন যুৱকে উৎকট গৰমৰ বাবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে। কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁতত ৪জন ডুব যায় যদিও ইয়াৰে এজনে কোনোমতে সাঁতুৰি পাৰলৈ আহে। আনহাতে আন এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰে।

কিন্ত চিন্ময় পাঠক আৰু অৰ্জুন নাথ নামৰ যুৱক দুজন ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে। ইয়াৰ পিছত দেওবাৰে এছ ডি আৰ এফে অভিযান চলাই চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ
এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত স্বর্ণ জয় দীপা কর্মকাৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in