প্ৰেমিকৰ বাসগৃহত ৰহস্যজনক অৱস্থাত চিপজৰী লোৱা প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ...

চিৰাঙৰ বিজনীৰ পানবাৰীত চাঞ্চল্যকৰ ঘটনা
প্ৰেমিকৰ বাসগৃহত ৰহস্যজনক অৱস্থাত চিপজৰী লোৱা প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বিজনীৰ পানবাৰীত প্ৰেমিকৰ ঘৰত চিপজৰী লৈ থকা প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ । আজি পুৱাৰ ভাগত ৰহস্যজনক অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত স্বাভাৱিকতেই ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে এয়া হত্যা নে আত্মহত্যা ?

ইয়াকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনীৰ পানবাৰী থানাৰ অন্তৰ্গত ফুলকুমাৰী গাঁৱত । মৃত যুৱতী গৰাকী বিজনীৰ ২ নং দৈলংঝাৰ গাঁৱৰ নিৱাসী দীনেশ মণ্ডলৰ কন্যা পৰ্ণা মণ্ডল (২০) বুলি চিনাক্ত কৰা হৈছে ।

আজি পুৱাৰ ভাগত ফুলকুমাৰী গাঁৱৰ বাসিন্দা তথা প্ৰেমিক গোবিন্দ নমঃদাস (২০) ৰ বাসগৃহৰ গোহালিত ৰহস্যজনক অৱস্থাত চিপজৰী লৈ পৰ্ণা মণ্ডলৰ মৃতদেহ উদ্ধাৰ হয় । এই খবৰ লাভ কৰি পানবাৰী থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

উল্লেখ্য যে মৃত পৰ্ণা মণ্ডল আৰু ফুলকুমাৰী নিৱাসী গোবিন্দ নমঃদাসৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল । অভিভাৱকৰ অজ্ঞাতে এসপ্তাহ পূৰ্বে প্ৰেমিক যুগলে পলাই গৈছিল । পৰবৰ্তী সময়ত দুয়ো গাওঁলৈ উভতি অহাৰ পিছত চৰকাৰী নীতি নিয়ম অনুসৰি প্ৰেমিক গোবিন্দ নমঃদাসৰ উপযুক্ত বিয়াৰ বয়স নোহোৱা হেতুকে আনুষ্ঠানিক ভাবে বিবাহপাশত আবদ্ধ হব পৰা নাছিল ।

লক্ষ্যনীয় বিষয় যে প্ৰেমিক যুগলৰ আনুষ্ঠানিক বিবাহ নহলেও প্ৰেমিকা পৰ্ণা মণ্ডল প্ৰেমিক গোবিন্দ নমঃদাসৰ বাহগৃহতে আছিল। আজি এই ৰাতিপুৱাই পৰ্ণা মণ্ডলৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পৰ্ণা মণ্ডলৰ পৰিয়ালৰ লোকে তেওঁলোকৰ জীয়েকক প্ৰেমিক ৰূপী গোবিন্দ নমঃদাসৰ পৰিয়ালে পৰিকল্পিত ভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি পানবাৰী থানাত এখন এজাহাৰ দাখিল কৰে । সেইমৰ্মে পানবাৰী থানাৰ আৰক্ষীয়ে ৭৪/২০২২ নং গোচৰ পঞ্জীয়ন কৰি প্ৰেমিক গোবিন্দ নমঃদাসৰ লগতে তেওঁৰ মাতৃ বিমলা নমঃদাসক গ্ৰেপ্তাৰ তদন্ত অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in