নৱমী পূজাৰ দিনাই ওলাই গৈছিল যুৱক, ডেৰ মাহ পাছত গছত ওলমি থকা মৃতদেহ উদ্ধাৰ...

শুকুৰবাৰে লামডিং ইটাভাটা চাৰিআলিৰ দুই নং সাধুখুটিৰ অঞ্চলত জিতেন্দ্ৰ চৌহান নামৰ এজন যুৱকৰ মৃতদেহ সংৰক্ষিত বনাঞ্চলত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে লামডিঙ আৰক্ষীয়ে ৷
নৱমী পূজাৰ দিনাই ওলাই গৈছিল যুৱক,  ডেৰ মাহ পাছত গছত ওলমি থকা মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, লামডিং: লামডিঙত অৰ্ধ গলিত অৱস্থাত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ শুকুৰবাৰে লামডিং ইটাভাটা চাৰিআলিৰ দুই নং সাধুখুটিৰ অঞ্চলত জিতেন্দ্ৰ চৌহান নামৰ এজন যুৱকৰ মৃতদেহ সংৰক্ষিত বনাঞ্চলত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে লামডিং আৰক্ষীয়ে ৷

জানিব পৰামতে যোৱা ৪ অক্টোবৰত নৱমী পূজাৰ দিনা ঘৰৰ পৰা ওলাই গৈছিল যুৱক জন ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ শুংসূত্ৰ পোৱা নাছিল পৰিয়ালৰ লোকে ৷ নিৰুদেশ হোৱাৰ পিছতেই যুৱকজনৰ পৰিয়ালৰ লোকে লামডিঙ থানাত গোচৰ ৰুজু কৰিছিল। কিন্তু সন্ধান পোৱা নাছিল যুৱকজনৰ ।

প্ৰায় ডেৰ মাহৰ অন্তত যুৱকজনৰ ঘৰৰ পৰা দুই কিলোমিটাৰ নিলগত থকা লামডিঙ সংৰক্ষিত বনাঞ্চলত গাঁৱৰ লোকে প্ৰতক্ষ্য কৰে এটা কংকাল ৷ লগে লগে লামডিঙ আৰক্ষীক খবৰ দিয়াত মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰে ৷ উদ্ধাৰ হোৱা অৰ্ধগলিত মৃতদেহটো ১৬ বছৰীয়া জিতেন্দ্ৰ চৌহান বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে ৷ লামডিঙ আৰক্ষীৰ তদন্তত হে সমগ্ৰ ঘটনা পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা ৷

আৰু পঢ়ক: ভাৰতৰে এইখন গাঁৱত নিষিদ্ধ মোবাইল ফোন! ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in