দক্ষিণ শালমাৰাত চাঞ্চল্যকৰ ঘটনাঃ বিলত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

dangor khabar
dangor khabar

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ চালাশেৰশো গাঁৱৰ এখন বিলৰ পৰা এগৰাকী অচিনাক্ত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

চালাশেৰশো গাঁৱৰ কেইজনমান কৃষকে পথাৰত কাম কৰিবলৈ গৈ  বিলৰ পানীত উপঙি থকা অৱস্থা প্ৰত্যক্ষ কৰে মহিলা এগৰাকীৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ফকিৰগঞ্জ আৰক্ষীক খৱৰ দিয়াত ফকিৰগঞ্জ আৰক্ষী ঘটনা স্থলীত উপস্থিতহৈ অৰ্ধগলিত অৱস্থাত উপঙি থকা মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে এতিয়ালৈকে মৃত মহিলা গৰাকীৰ পৰিচয় উলিয়াব পৰা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

dangor khabar
টেঙাখাতত বুঢ়ীদিহিং নদীত যুৱকৰ সলিল সমাধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in