টেঙাখাতত বুঢ়ীদিহিং নদীত যুৱকৰ সলিল সমাধি...

dangor khabar
dangor khabar

ডিজিটেল সংবাদ, টেঙাখাতঃ ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানা অধীনৰ বুঢ়ীদিহিং নদীৰ এৰাসুঁতীত পৰি এজন যুৱকৰ মৃত্যু হোৱাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা বিৱৰণী অনুসৰি শনিবাৰে দিনৰ প্ৰায় ১২ বজাত সৰু অভয়পুৰীয়া গাঁৱৰ কণ্ঠি চুতীয়াৰ পুত্ৰ প্ৰতীম চুতীয়াই (১৮)তেওঁৰ লগৰ অন্য ৪জনৰ সৈতে নদীত গা ধুবলৈ গৈছিল। প্ৰায় ২ কিলোমিটাৰ দূৰত অৱস্থিত ভেকুলাজানস্থিত বুঢ়ীদিহিং নদীৰ এৰাসুঁতীত গা-ধুই তথা নদীৰ শামুক বিচাৰি থকাৰ মুহূৰ্ততে তেওঁ পানীত বুৰ যায় ।

পৰবৰ্তী সময়ত তেওঁৰ লগৰকেইটাই তেওঁক উদ্ধাৰ কৰিব নোৱাৰি চিঞৰ বাখৰ কৰাৰ লগতে পৰিয়ালৰ লোকক ঘটনাৰ সম্পৰ্কে অৱগত কৰে। ইফালে পৰিয়ালৰ লোকে টেঙাখাত আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কে খবৰ দিয়াত টেঙাখাত আৰক্ষী থানাৰ তৎপৰতাত ডিব্ৰুগড়ৰ পৰা ডুবাৰু উদ্ধাৰকাৰী বাহিনী অৰ্থাৎ এচ ডি আৰ এফ আৰু চিভিল ডিফেঞ্চৰ মেজৰ জিতু বড়োৰ নেতৃত্বত ১১জনীয়া এটি দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ অভিযান চলাই। সন্ধিয়া ৬বজালৈ অভিযানকাৰী দলে যুৱকজনৰ সন্ধান উলিওৱাত সক্ষম নহ'ল।

dangor khabar
চিলাপথাৰৰ বিজেপিৰ যুৱনেতা নিলকান্ত পাৱৰ আকস্মিক মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in