বৰঝাৰ বিমান বন্দৰৰ সমীপত ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

বৰঝাৰ বিমান বন্দৰৰ সমীপত ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

তিতাবৰত দুটাকৈ দুৰ্ঘটনাঃ এজন নিহত, ৫ জন আহত...

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ডেকাপাৰাত ঘৰৰ ভিতৰত গাত খান্দি পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে।

Advertisment

জানিব পৰা মতে, এবছৰমান ধৰি এহাল জনজাতীয় ৫০উৰ্ধৰ দম্পত্তিয়ে ভাৰাতীয়া হিচাপে ঘৰটোত বাস কৰি আছিল। কেইদিনমান ধৰি স্থানীয় লোকে দুয়োকে দেখা নাছিল যদিও বিষয়টো বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু মঙলবাৰে দুপৰীয়া এগৰাকী স্থানীয় লোকে ঘৰটোৰ চৌহদলৈ আহি গোন্ধ পোৱাৰ পিছত সন্দেহ প্ৰকাশ কৰি  আজাৰা থানাত খবৰ দিয়ে।

তাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত ঘৰৰ ভিতৰৰ পৰা গাত খান্দি পুতি থোৱা মহিলাৰ মৃতদেহটো উদ্ধাৰ কৰে। আনহাতে মহিলাগৰাকীৰ স্বামী প্ৰায় ৫দিন ধৰি নিৰুদ্দেশ হৈ থকাক লৈ লক্ষ্য কৰি আৰক্ষীয়ে লোকজনে পত্নীক হত্যা কৰি ঘৰৰ ভিতৰত গাত খান্দি পুতি থয় পলায়ন কৰা বুলি সন্দেহ কৰিছে। 

আনহাতে উক্ত ভূমিৰ গৰাকী ধাৰাপুৰ খানামুখৰ বাসিন্দা ধ্ৰুৱ জ্যোতি কাকতিয়ে বিগত প্ৰায় ১৫বছৰ ধৰি উক্ত ভূমিলৈ অহা নাই বুলি মন্তব্য কৰাৰ বিপৰীতে পূৰ্বৰ প্ৰকৃত মালিক সত্য দাসে ধ্ৰুৱ জ্যোতি কাকতি আহিলে অত্যাচাৰ কৰাৰ লগতে দাবী ধমকি দি খেদি পঠাই বুলি মন্তব্য কৰে। এই গৰাকী সত্য দাসে দম্পত্তি হালক ভাৰতীয় হিচাবে থাকিব দিয়া বুলিও মন্তব্য কৰে ধ্ৰুৱজ্যোতিয়ে। তাৰ বিপৰীতে সত্য দাসে এই সন্দৰ্ভত একো নাজানো বুলিহে মন্তব্য কৰাৰ লগতে মাটিৰ গৰাকী ধ্ৰুৱজ্যোতি কাকতিৰ  ঘৰতো ৰখিয়া হিচাপে বৃদ্ধ দম্পত্তি থোৱা বুলি অভিযোগ কৰে।

আনহাতে স্থানীয় লোকে জানিব দিয়া মতে বৃদ্ধা দম্পত্তি হালে প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল। ঘটনাস্থলীত উপস্থিত চিআইডি, ফৰেনচিকৰ দল আৰু পশ্চিম সংগমণ্ডল আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Also Read: দুটা সমষ্টিত আমি জয়লাভ কৰিম: হাগ্ৰামা মহিলাৰী

deadbody found