দুটা সমষ্টিত আমি জয়লাভ কৰিম: হাগ্ৰামা মহিলাৰী

দুটা সমষ্টিত আমি জয়লাভ কৰিম: হাগ্ৰামা মহিলাৰী

author-image
Asomiya Pratidin
New Update
দুটা সমষ্টিত আমি জয়লাভ কৰিম: হাগ্ৰামা মহিলাৰী

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ প্ৰতিকূল বতৰৰ মাজতো মঙলবাৰে কোকৰাঝাৰত শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হয়। এসময়ৰ অশান্তজৰ্জৰ অঞ্চলটোত শান্তি ঘূৰি অহাৰ পিছত পুৱা ৬বজাৰ পৰাই ভোটাৰসকলে নিজ নিজ ভোটকেন্দ্ৰত শাৰী পাতে আৰু শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন কৰে। কোকৰাঝাৰৰ প্ৰায় প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ।

Advertisment

ইপিনে কোকৰাঝাৰৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ভোটদান কৰে। ভোটদানৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে কয় যে কোকৰাঝাৰ আৰু দৰং -ওদালগুৰি দুয়োখন আসনতে বিপিএফৰ প্ৰাৰ্থী নিশ্চিতভাৱে জিকিব। কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী কমেও দুই লাখৰ ব্যৱধানত জিকিব বুলি মন্তব্য কৰি বিপিএফে মিত্ৰজোঁটৰ সৈতে নাথাকে আৰু এই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি মন্তব্য কৰে।

ইপিনে কোকৰাঝাৰৰ ৫১১ নং কাট্ৰিগাছা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে সপৰিয়ালে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটদানৰ অন্তত গৰ্জন মুছাহাৰীয়ে নিজৰ জয় নিশ্চিত বুলি দাবী কৰি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহবান জনায় ৷

আনহাতে নিজ জন্মগাঁও কোকৰাঝাৰৰ বাতাবাৰীৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ ভোটদানৰ পিছত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটত জয়ী হ'ব।

ইপিনে ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে নিজে পঢ়া গৌৰাং হাইস্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ভোটদানৰ অন্তত লৰেঞ্চ ইছলাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুওৱাৰ স্বাৰ্থত সকলোৱে এনডিএক ভোটদান কৰিব বুলি দাবী কৰে। তদুপৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটত জয়ী হ'ব বুলি মন্তব্য কৰিছে ।

Also Read: কাশ্মীৰত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ গুলীয়াগুলীত ২ সন্ত্রাসবাদী নিহত

loksabha election 2024 kokrajhar hagrama mahilari