ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ অঞ্চলৰ আৰ্টছ আৰু কম্পিউটাৰ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান চিলাপথাৰ ফাইন আৰ্টছ এণ্ড কম্পিউটাৰ একাডেমীৰ (বামগাঁও বৰুৱাচুক) উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় `'কলা শিক্ষা আৰু সাংস্কৃকতিক কৰ্মশালা" শীৰ্ষক এক কাৰ্যসূচী। অনুষ্ঠানৰ যুটীয়া সঞ্চালক ৰঞ্জিত চাংমাইয়ে আঁত ধৰা কৰ্মশালাৰ উদ্ধোধক হিচাপে উপস্থিত থাকে ধেমাজি জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি গোবিন দত্ত।
বিহু শিল্পী বিনন্দ বৰুৱাৰ নেতৃত্বত জাচিংফা বিহু দলৰ বিহু নৃত্য পৰিৱেশনৰে মুকলি কৰা হয় সাংস্কৃতিক মঞ্চ। ইয়াৰ পিছতে অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় কবিতা আবৃত্তি,চিত্ৰাংকন,সত্ৰীয়া নৃত্য,বিহু নৃত্য,আধুনিক আৰু সৃষ্টিশীল নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা।
গীত,কবিতা আৰু নৃত্যৰে জীপাল হৈ পৰে ডিচেম্বৰৰ শীতাৰ্ত দুপৰীয়া। লগতে প্ৰদৰ্শন কৰা হয় বহু সৃষ্টিমূলক গীত নৃত্য। প্ৰতিযোগিতা সমূহত বিচাৰক হিচাপে চিলাপথাৰ পূৰ্বাঞ্চল কলেজৰ সহকাৰী অধ্যাপক ড: দিলীপ চাংমাইৰ লগতে মুজিব চুতীয়া, কৃপানাথ মেদক, বুধিন ফুকন, যতীন দিহিঙ্গীয়া আদি বিভিন্ন বিদ্যালয়ৰ শিক্ষক।
তাৰ পিছতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চিত্ৰ বৰগোহাঁইৰ সঞ্চালনত আৰম্ভ হয় মুকলি সভা আৰু বঁটা বিতৰণি সভা। অনুষ্ঠানত ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তুলন কোঁৱৰ, জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী মিকিৰানি গগৈ, চিচিবৰগাঁৱ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি নয়ন মনি মহন্ত,সহকাৰী অধ্যাপিকা দিপামনি গগৈ,সমাজকৰ্মী সুনীল গগৈৰ লগতে সমাজকৰ্মী, শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক, অভিভাৱকৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ শোভা বৰ্ধন কৰে।