/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/eecf1bae-6b98-4e44-b7a2-a78e4f215a98/MANGALDOI_08.jpg)
ডিজিটেল সংবাদ মঙলদৈঃ ৰাজ্যৰ লগতে দৰং জিলাতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৬ জন্মদিৱস উপলক্ষে বিভিন্ন দল,সংগঠনে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে। আন্তঃ মঙলদৈ ছাত্ৰ সন্থাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৬ সংখ্যক জন্মদিৱস উপলক্ষে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰে । এই প্ৰতিযোগিতাত দৰং জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
উক্ত প্ৰতিযোগিতাত ক শাখাত মঙলদৈ মহৰ্ষি বিদ্যামন্দিৰ জোনাক নিবিৰ কাশ্যপে প্ৰথম স্থান , শংকৰদেৱ শিশু নিকেটনৰ বিভাৱ বৈভৱ মহন্তই দ্বিতীয় আৰু হলিচাইল্ড পাব্লিক স্কুলৰ ত্ৰিনয়ন ডেকাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। একেদৰে খ শাখাত ব্ৰিলিয়েণ্ট একাডেমীৰ ময়ুৰ কাশ্যপে প্ৰথম স্থান, সাগৰিকা ডেকাই দ্বিতীয় স্থান আৰু নিহাৰিকা দাসে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাখনি উদ্বোধন কৰে মঙলদৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপ্তি শৰ্মাই । উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়াই।
ছহিদ তৰ্পণ কৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চাহিল চৌধুৰীয়ে।লগতে অনুষ্ঠানত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, উপ-সভাপতি পৰেশ চহৰীয়া, সাধাৰণ সম্পাদক সত্য ৰঞ্জন ডেকা, মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ডেকা ।