'ডানা'ৰ কাল ৰূপ! ৰে'ল, বিমান সেৱাৰ ব্যাপক ক্ষতি...

'ডানা'ৰ কাল ৰূপ! ৰে'ল, বিমান সেৱাৰ ব্যাপক ক্ষতি...

author-image
Asomiya Pratidin
New Update
'ডানা'ৰ কাল ৰূপ! ৰে'ল, বিমান সেৱাৰ ব্যাপক ক্ষতি...

ডিজিটেল ডেস্কঃ ডানাৰ ভয়ংকৰ তথা কাল ৰূপ। ঘন্টাত ১১০কিলোমিটাৰ বেগত আহি সাগৰীয় ঘূৰ্ণিবতাহ ডানাই খুন্দা মাৰিলেহি ওড়িশাৰ উপকূলীয় অঞ্চলত। ইফালে ডানাৰ প্ৰৱেশৰ পূৰ্বেই পশ্চিম বংগত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে ৪০০ৰেলৰ চলাচল। অসমৰ পৰা চলিবলগীয়া কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। আনফালে কলকাতা আৰু ভূৱনেশ্বৰত বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰ। ১৫ ঘণ্টাৰ বাবে বন্ধ বিমান সেৱা।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে,পুৱাৰ পিছত বতাহৰ গতিবেগ কিছু হ্ৰাস হোৱাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান বিভাগে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বেছিভাগ অঞ্চলত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ইফালে সকলো পৰিস্থিতি বতৰ বিজ্ঞান বিভাগে নিৰীক্ষণ কৰি আছে । 

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণীবতাহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ওড়িশা চৰকাৰৰ প্ৰস্তুতিৰ বুজ লৈছে । মুখ্যমন্ত্ৰীযগৰাকীয়ে জনোৱা মতে,  ৰাজ্যখনৰ উপকূলীয় জিলাসমূহৰ নামনি অঞ্চলত প্ৰভাৱিত অঞ্চলৰ পৰা প্ৰায় ৫.৮৪ লাখ লোকক স্থানান্তৰিত কৰা হৈছে ।

Also Read: CBIৰ জাল! গুৱাহাটীলৈ চুমি, তাৰ্কিক আৰু বিশাল...

ডানা