CBIৰ জাল! গুৱাহাটীলৈ চুমি, তাৰ্কিক আৰু বিশাল...

CBIৰ জাল! গুৱাহাটীলৈ চুমি, তাৰ্কিক আৰু বিশাল...

author-image
Asomiya Pratidin
New Update
CBIৰ জাল! গুৱাহাটীলৈ চুমি, তাৰ্কিক আৰু বিশাল...

ডিজিটেল ডেস্কঃ ৰাজ্য কপোঁৱা ট্ৰেডিং কেলেংকাৰীক লৈ তদন্ত আগবঢ়াইছে চি বি আই দলে। শুকুৰবাৰে পুৱাৰ ভাগতে ডিব্ৰুগড় কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হৈছে চুমি, বিশাল আৰু তাৰ্কিক বৰাক। চি বি আইৰ এটা ৭জনীয়া দলে ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা উলিয়াই স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তিনিওকে গুৱাহাটীলৈ লৈ আহিছে।

Advertisment

এতিয়াৰে পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব চুমি,বিশাল আৰু তাৰ্কিক। ৰিচা নামৰ এখন ট্ৰেভেলাৰেৰে তিনিওকে গুৱাহাটীলৈ আনি থকা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি বি আয়ে হাতত লোৱাৰ পাছত সকলো তথ্য পৰীক্ষা নিৰীক্ষা কৰি নতুনকৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

১১ হাজাৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীক লৈ CBI-এ আৰম্ভ কৰিছে ৪১টা গোচৰৰ তদন্ত। ইয়াৰ ভিতৰত আছে দীপাংকৰ বৰ্মন, বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা, ৰঞ্জীত কাকতি, মহম্মদ ছাকিৰ আৰু ৰাজদ্বীপ দেৱৰ দৰে ধুৰন্ধৰ। CBIৰ তদন্তত নাম সাঙোৰ খাব পাৰে বিশাল ফুকনক বিনিয়োগ কৰিবলৈ কোটি কোটি টকা দিয়া অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ বহু কোটিপতি লোকৰ নাম।

Also Read: আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ স্থগিত ৰখাৰ বাবে স্মাৰক পত্ৰ অগপৰ...

চুমি বৰা