'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ "দামোদৰদেৱ বঁটা ২০২৩"...

'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ "দামোদৰদেৱ বঁটা ২০২৩"...

ডিজিটেল ডেস্ক : অসমৰ সংবাদ ক্ষেত্ৰৰ এক উল্লেখনীয় কাকত 'আসাম বিলাসিনী'ৰ ডেৰশ বছৰীয়া জয়ন্তী অহা ৩ আৰু ৪ জুনত মাজুলীৰ আউনীআটী সত্ৰত উদযাপনৰ দিহা কৰা হৈছে। এই অনুষ্ঠানতে 'হেমকোষ' অভিধানৰ দ্বিভাষিক ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি ইতিমধ্য গীনিজ বিশ্ব অভিলেখ গঢ়া 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰী, সম্পাদক জয়ন্ত বৰুৱাক প্ৰদান কৰা হ'ব আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা "দামোদৰদেৱ বঁটা ২০২৩"।

শুকুৰবাৰে উক্ত অনুষ্ঠান উদযাপনৰ কাৰ্যসূচী প্ৰকাশ কৰি উদযাপন সমিতিয়ে এই কথা ঘোষণা কৰে। সত্ৰখনৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৩ আৰু ৪ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া কাৰ্যসূচীৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ সন্দৰ্ভত বিতং আলোচনা কৰে।

উল্লেখ্য যে, অনুষ্ঠানত দত্তদেৱ গোস্বামীৰ ৰচনাৱলী, নাটক, গীত-পদ শ্লোক, টোটয় ইত্যাদি প্ৰকাশৰ এখন গ্ৰন্থ আৰু দত্তদেৱ গোস্বামীৰ লৈ প্ৰবন্ধ সংকলিত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। উক্ত সভাতে বিভিন্ন বিষয়ত হ'ব লগীয়া প্ৰতিযোগিতা সমূহৰ বাবে ৯১০১১৩২৯১১, ৯১০১০৫৬৫১৫, ৯১০১২৩৫২৯৭ নাইবা ৮৬৩৮৭০৮০০৫ যোগাযোগ নম্বৰত প্ৰতিযোগী সকলক যোগাযোগ কৰিবলৈ আহ্বান জনাই কৰ্তৃপক্ষই।

আনহাতে সাদিন-প্ৰতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰী, সম্পাদক জয়ন্ত বৰুৱাক "দামোদৰদেৱ বঁটা ২০২৩" প্ৰদান কৰাৰ সিদ্ধান্তক আদৰণি জনাই মাজুলী জিলা সাহিত্য সভা, সাংবাদিক সন্থা, যুৱ ছাত্ৰ পৰিষদ, জিলা ছাত্ৰ সন্থা, মহিলা সমিতি আদিৰ লগতে বিভিন্ন দল সংগঠনে।

'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ "দামোদৰদেৱ বঁটা ২০২৩"...
প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in