নগাঁৱত দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰঃ অস্ত্ৰসহ নগদ ধন জব্দ...

সম্প্ৰতি ধৃত ডকাইত দুটাক আৰক্ষীয়ে সোধ-পোছ চলাই আছে

author-image
Asomiya Pratidin
New Update
নগাঁৱত দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰঃ অস্ত্ৰসহ নগদ ধন জব্দ...

নগাঁৱত দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰঃ অস্ত্ৰসহ নগদ ধন জব্দ

ডিজিটেল সংবাদ,নগাঁওঃনগাঁও আৰক্ষীৰ অভিযানকাৰী এটা দলে নাৰমাৰীৰ পৰা এজন দুধৰ্ষ ডকাইতক অস্ত্ৰ আৰু নগদ ধনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইতটোক পাছত মফিজুল ইছলাম (৩৪) বুলি আৰক্ষীয়ে চিনাক্ত কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি ২ ডিচেম্বৰৰ নিশা নগাঁও আৰক্ষীয়ে চহৰখনৰ সমীপৱৰ্তী হেৰাপট্টিৰ পৰা মহম্মদ আইনুদ্দিন(৫০) নামৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পাছত অপৰাধীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা অভিযানকাৰী দলে নাৰমাৰীৰ পৰা মফিজুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে অপৰাধীজনৰ পৰা এটা হাতে বনোৱা পইণ্ট ৩০৩ পিষ্টল, দুটা সজীৱ গুলী আৰু নগদ ১.৪০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ধৃত ডকাইত দুটাক আৰক্ষীয়ে সোধ-পোছ চলাই আছে।

আৰু পঢ়কঃ একাধিক কাৰ্যসূচীলৈ মানকাচাৰত উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ...

nagaon Assam police