সাৱধান ! ছিট্ৰাঙে কাঢ়িলে ১০ জনৰ প্ৰাণ...

author-image
Asomiya Pratidin
New Update
সাৱধান ! ছিট্ৰাঙে কাঢ়িলে ১০ জনৰ প্ৰাণ...

CHITRANG CYCLONE

ডিজিটেল ডেস্কঃ সামুদ্ৰিক ঘূৰ্ণিবতাহ ছিট্ৰাঙে বংলাদেশত চলাইছে তাণ্ডৱ। দেশখনত এই পৰ্যন্ত অতি কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। নিহত ১০ জনৰ ভিতৰত একেটা পৰিয়ালৰে আছে ৩ জনলৈ লোক।

Advertisment

দেশখনত ছিট্ৰাঙৰ বাবেই প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে ধুমুহা বলিছে। অৱশ্যে বাংলাদেশ চৰকাৰে উপকূলীয় অঞ্চলৰ পৰা ছিট্ৰাঙৰ আগমণৰ পূৰ্বেই ২.১৯ লাখৰো অধিক লোকক স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, উত্তৰ-বংগোপসাগৰত সৃষ্টি হোৱা ছিট্ৰাং ধুমুহা উত্তৰ-পূবদিশে আগবাঢ়ি যোৱাৰ পিছত সোমবাৰে সাগৰ দ্বীপৰ পৰা ২৬০ কিলোমিটাৰ দক্ষিণ-পূবত আঘাত কৰিছে। ইয়াৰ সমান্তৰালকৈ বতৰ বিজ্ঞান বিভাগে উপকূলীয় বংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছিল।

বতৰ বিজ্ঞান বিভাগৰ মতে, ধুমুহাৰ ফলত মঙলবাৰে পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা, দক্ষিণ ২৪ পৰগণা আৰু নাদিয়া জিলাত প্ৰৱল বৃষ্টিপাত হ'ব। ইয়াৰ প্ৰভাৱ পৰিব উত্তৰ পূবৰ ৰাজ্য কেইখনতো।

chitrang cyclone bangladesh