নলবাৰীৰ পৰা গোলাঘাটলৈ চাইকেল যাত্ৰা চিকিৎসকৰ

নলবাৰীৰ পৰা গোলাঘাটলৈ চাইকেল যাত্ৰা কৰে এগৰাকী চিকিৎসকে
নলবাৰীৰ পৰা গোলাঘাটলৈ চাইকেল যাত্ৰা
নলবাৰীৰ পৰা গোলাঘাটলৈ চাইকেল যাত্ৰা

ডিজিটেল সংবাদ, মঙলদৈঃ নলবাৰীৰ পৰা গোলাঘাটলৈ চাইকেল যাত্ৰা কৰে এগৰাকী চিকিৎসকে । দিল্লীৰ এখন আগশাৰীৰ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক মেজৰ দীপম কুমাৰ বৰ্মন সহিতে ৬ জনীয়া এটা দলে নলবাৰীৰ পৰা গোলাঘাটলৈ উলিয়াইছে এই চাইকেল ৰেলী ।

জানিবলৈ দিয়া মতে গোলাঘাটৰ শ্বহীদ জিন্টু গগৈৰ ঘৰত উপস্থিত হৈ তাত চাইকেল আৰোহী কেইজনে দুটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰিব। গোলাঘাটৰ শ্বহীদ জিণ্টু গগৈৰ গাঁৱত বিনামূলীয়া চকু কেটেৰেক অপাৰেশ্যন আৰু ডায়েবেটিচ ৰোগৰ চিকিৎসা সম্পৰ্কীয় স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰিব।

ইপিনে কোভিডৰ সময়তো চিকিৎসক দীপম কুমাৰ বৰ্মনে ইউটিউব তথা সামাজিক মাধ্যমৰ জৰিয়তে সহস্ৰজনক মহামাৰীৰ সতে মোকাবিলা কৰাৰ সাহস প্ৰদান কৰিছিল। চিকিৎসক সহিতে দলটো মঙলদৈ চহৰত উপস্থিত হোৱাৰ পিছত বহু গুনমুগ্ধ ৰাইজে আদৰণি জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in