গীতে-মাতে জীপাল নুমলীগড়ৰ 'অক্সৰা গ্লোবেল গুৰুকুল'

খাদ্য আৰু বিজ্ঞান মেলাৰে দিনজোৰা কাৰ্যসূচী পালন
গীতে-মাতে জীপাল নুমলীগড়ৰ 'অক্সৰা গ্লোবেল গুৰুকুল'
গীতে-মাতে জীপাল নুমলীগড়ৰ 'অক্সৰা গ্লোবেল গুৰুকুল'

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ এখন ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষনুষ্ঠান 'অক্সৰা গ্লোবেল গুৰুকুল'। শিক্ষনুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীক লৈ শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠান গীতে-মাতে জীপাল হৈ পৰে।

শিক্ষনুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ উপস্থিতিত কাৰ্যসূচী অনুসৰি, বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ অমৃত শৰ্মাই। ইয়াৰ পিচতে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। ইপিনে আজি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ভেশচন প্ৰতিযোগিতা খাদ্য মেলা- বিজ্ঞান মেলা আদিও অনুষ্ঠিত হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in