নগাঁৱত সুশাসন সপ্তাহ সন্দৰ্ভত কৰ্মশালা
নগাঁৱত সুশাসন সপ্তাহ সন্দৰ্ভত কৰ্মশালা

নগাঁৱত সুশাসন সপ্তাহ সন্দৰ্ভত কৰ্মশালা

ডিজিটেল সংবাদ,নগাঁওঃ ভাৰত চৰকাৰৰে ১৯ ডিচেম্বৰ পৰা ২৫ ডিচেম্বৰলৈকে উদযাপন কৰা " সুশাসন সপ্তাহ - প্ৰশাসন গাঁও কি ৰ " ৰ লগত সংগতি ৰাখি শুক্ৰবাৰে নগাঁৱৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা-কক্ষত উক্ত বিষয় সন্দৰ্ভত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায় ।

জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তসকলৰ লগতে মুৰব্বী বিষয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই কৰ্মশালাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় সেৱা বিষয়া ছমচেৰ সিং ডাঙৰীয়াই মুৰব্বী বিষয়াসকলক মানৱসেবাৰ মনোভাৱেৰে চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণত অধিক মনোনিবেশ কৰিবলৈ আহ্বান জনায় ।

কৰ্মশালাখনত আদৰণি ভাষণ আগবঢ়াই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মাই ।কৰ্মশালাখনত নগাঁও পৌৰ সভাই অসমৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে অনলাইন গৃহ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ বিষয়ে অৱগত কৰে ৷

যুটীয়া স্বাস্থ্য সঞ্চালক ডা° অৰূপজ্যোতি মহন্তই জিলাখনত প্ৰসূতিৰ মৃত্যুৰ হাৰ কম কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে । লগতে জিলা কৃষি বিষয়া গৰাকীয়ে জিলাখনৰ কৃষক সকলৰ সফলতাত কৃষি বিভাগৰ অৱদানৰ বিষয়ে কৰ্মশালাখনিত অৱগত কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in