স্তব্ধ মৰক্কো, তৃতীয় স্থানত ক্ৰ'ৱেছিয়া...

স্তব্ধ মৰক্কো, তৃতীয় স্থানত ক্ৰ'ৱেছিয়া...

ডিজিটেল ডেস্ক : বিশ্বকাপত এটি স্থান দখলৰ সপোন এইবাৰ আধৰুৱা হৈয়ে ৰ'ল মৰক্কোৰ বাবে । ছেমি ফাইনেলত পৰাস্ত হৈ দলটিৰ হাতত অন্তিম আশা আছিল তৃতীয় স্থানৰ যুঁজত ক্ৰ'ৱেছিয়াৰ বিৰুদ্ধে এঘড়ী যুজি এটি খিতাপ দেশলৈ অনাৰ । কিন্তু ক্ৰ'ৱেছিয়াৰ সমগ্ৰ খেলত প্ৰদৰ্শন কৰা আধিপত্যৰ সন্মুখত নিস্তেজ হৈ পৰে মৰক্কো । প্ৰথমাৰ্ধত দুয়োটা দলৰেই মাজত দেখা গৈছিল সমান আগ্ৰাসন ।

যাৰ বাবে খেল খন অতি আকৰ্ষণীয় হৈ পৰিছিল যদিও দ্বিতীয়াৰ্ধত মৰক্কোৱে এই পৰাক্ৰম হেৰুৱাই পেলাই । যাৰ ফলত ২-১ গ'লত পৰাস্ত হৈ বিদায় ল'ব লগীয়া হয় দলটিয়ে । অৱশ্যে সামগ্ৰিকভাৱে বিশ্বকাপত আশানুৰূপ ফলাফল দেখুৱাই দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় মৰক্কো ।

আনহাতে, ক্ৰ'ৱেছিয়াৰ দলনায়ক লুকা মদ্ৰিছৰ আছিল এইখন অন্তিম বিশ্বকাপ খেল । বিশ্বকাপৰ পাছতেই অৱসৰ গ্ৰহণ কৰিব অভিজ্ঞ খেলুৱৈজনে । তেনেস্থলত খিতাপ এটি দখল কৰি দেশলৈ উভতি অহাটো মদ্ৰিছৰ বাবে এক ব্যক্তিগত সফলতা । অৱশ্যে বিগত বিশ্বকাপত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল ক্ৰ'ৱেছিয়াই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in